গোলাঘাটঃ অসমৰ বিজ্ঞানক্ষেত্ৰলৈ এটা ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰৰ আৰু যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই লাভ কৰিছে শান্তিস্বৰূপ ভাটনাগৰ বঁটা৷ এই বঁটাৰ অৰ্থমূল্য হৈছে ৫ লাখ টকা৷ তদুপৰি বঁটা প্ৰাপকগৰাকীয়ে তেওঁৰ ৬৫ বছৰ বয়সলৈকে মাহে ১৫ হাজাৰ টকাকৈ লাভ কৰিব৷
দেশৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ ৰূপে খ্যাত UGCৰো প্ৰথমগৰাকী অধ্যক্ষ শান্তিস্বৰূপ ভটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী/গৱেষক সকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতিটো শাখাত সৰ্বাধিক দুগৰাকী বিজ্ঞানীলৈ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷ বিজ্ঞানৰ সাতটা শাখা (জীৱবিজ্ঞান, ৰসায়ন, পদাৰ্থবিজ্ঞান, ভূ- বায়ুমণ্ডল-মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান, অভিযান্তিকবিজ্ঞান, গণিত আৰু চিকিৎসা বিজ্ঞান)ৰ প্ৰতিটোতে দিকদৰ্শী গবেষণাকাৰ্য সম্পাদনেৰে ভাৰতীয় বৈজ্ঞানিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ৪৫ বছৰৰ কম বয়সৰ দুগৰাকীকৈ ভাৰতীয় বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research, CSIR)-এ প্ৰতি বছৰে এই বঁটাৰে সন্মানিত কৰি আহিছে।
লগতে পঢ়কঃভৰলুক প্ৰদূষণ কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে চাইকেল ৰেলী
NEISTৰ পলিমাৰ পেট্ৰ’লিয়াম আৰু কয়লা ৰসায়ন গোটৰ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে কয়লাক ব্যাৱহাৰ কৰাৰ এক ৰাসায়নিক পদ্ধতিৰ বিকাশ ঘটাই দুবছৰমানৰ পূৰ্বে বিশেষ চৰ্চা লাভ কৰিছিল৷ দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা হয়৷ কাৰ্বন কোৱাণ্টাম ডট (CQD) নামৰ এই পদাৰ্থবিধৰ আকাৰ ১০ নেন’মিটাৰ, মানে ১ চেণ্টিমিটাৰৰ ১ নিযুতভাগৰ ১০ ভাগতকৈ সৰু (অৰ্থাৎ ০.০০০০০১০ চেণ্টিমিটাৰ)৷ আমেৰিকা আৰু জাপানৰ দুটামান ৰাসায়নিক উদ্যোগে DQD উৎপাদন কৰে যদিও এই উৎপাদন ব্যয় খুবেই বেছি৷ শইকীয়া আৰু তেওঁৰ সহযোগীয়ে যিৰূপে ’ডট’ উৎপাদনৰ কৌশল উদ্ভাৱন কৰিলে, সেই পদ্ধতিয়ে CQDৰ খৰচ আমদানিকৃত CQDৰ বিশভাগৰ এভাগলৈ হ্ৰাস কৰিলে৷
বিনয় কুমাৰ শইকীয়াৰ নিজা উদ্ভাৱনী গুণৰ বাবেই তেওঁৰ নামত ভাৰত আৰু আমেৰিকাত মুঠতে চাৰিটাকৈ পেটেণ্ট আছে৷ এনে মহান অবদানৰ বাবেই আহিছে শান্তিস্বৰূপ ভাটনাগৰ বঁটা৷ বিনয় শইকীয়া দেবৰাজ ৰয় কলেজৰ স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ অসমতেই গৱেষণা কৰি বিজ্ঞানক্ষেত্ৰলৈ বিশিষ্ট বৰঙনি আগবঢ়াইছে ৷