গুৱাহাটী : অসম সচিবালয়ৰ এগৰাকী কৰ্মচাৰী ঘোচ লৈ হাতে-লোটে ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই আজি দুৰ্নীতিৰ অভিযোগত সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱীক গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য মতে এজন লোকৰ পৰা চাৰি হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগত কৰ্মচাৰী গৰাকীক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত সীমা দেৱী অসম সচিবলায়ৰ ভৈয়াম জনজাতি কল্যাণ বিভাগৰ জ্যেষ্ঠ সহকাৰী হিচাপে কৰ্মৰত বুলি অসম আৰক্ষীয়ে এক টুইট যোগে সদৰী কৰে। কৰ্মচাৰী গৰাকীৰ বেগৰ পৰা আৰক্ষীয়ে অতিৰিক্ত ৯৯,০০০ টকা জব্দ কৰে বুলি লগতে জানিবলৈ দিয়ে।
ধৃত সীমা দেৱীক ভঙাগড়স্থিত দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্য্যালয়লৈ লৈ যোৱা হয়।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সৈতে দুলীয়াজানত নৈশ ভোজত কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ