গুৱাহাটীঃ শাসনাধিষ্ঠ চৰকাৰখনে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ন বিষয়া-কৰ্মচাৰী, অভিযন্তা, ঠিকাদাৰে বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।
শূণ্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে দুৰ্নীতি ৷
এইবাৰ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসম সচিবালয়ত কৰ্মৰত এগৰাকী দুৰ্নীতি পৰায়ণ কৰ্মচাৰী।
কৃষি বিভাগৰ উচ্চ বৰ্গৰ সহািয়কা হিচাপে কৰ্মৰত মহিলা কৰ্মচাৰীগৰাকীৰ নাম পাপৰি দাস।
জানিব পৰা মতে, কৃষি বিভাগত চৰকাৰী গাড়ী চালক হৈ থকা এগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ পিছতে তেওঁৰ বিধৱা পত্নীয়ে অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন জনাইছিল।
বিধৱা মহিলা গৰাকীৰ পৰা নিযুক্তিৰ বিনিময়ত ১ লাখ টকাৰ উৎকােচ দাবী কৰিছিল পাপৰি দাস নামৰ কৰ্মচাৰীগৰাকীয়ে।
লগতে পঢ়কঃ“সফলতা প্ৰাপ্ত কৰাটো এক সময় সাপেক্ষ প্ৰক্ৰিয়া”- ডঃ বুদ্ধ ডেকা বৰুৱা
এই অভিযােগ লাভ কৰাৰ পাছতে দুৰ্নীতি পৰায়ণ কৰ্মচাৰীগৰাকীক হাতে-লােটে ধৰিবলৈ জাল পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই।
সেই অনুসৰি, আজি পাপৰি দাসে বিধৱা মহিলাগৰাকীৰ পৰা ১৫,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই হাতে-লােটে ধৰা পেলায় কৰ্মচাৰীগৰাকীক।
দুৰ্নীতি নিবাৰক শাখাই 04/2022 নং গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়কঃমহানগৰীত ভূমি সম্পৰ্কীয় অভিযোগ ক্ষীপ্ৰ নিষ্পত্তিৰ প্ৰয়াস উপায়ুক্ত পল্লৱ গোপাল ঝাৰ