নিউজ ডেস্ক : অসম সচিবালয়ত সৃষ্টি হোৱা ৪৪ টা ষ্টেনোগ্ৰাফাৰ পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
অসম লোকসেৱা আয়োগে এক বিজ্ঞাপন যোগে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলক ১৬ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিবলৈ আহ্বান জনাইছে।
সৰ্বমুঠ পদ – ৪৪ টা
গ্ৰে’ড-১ ষ্টেনোগ্ৰাফাৰ (ইংৰাজী) – ৩৪ টা পদ
গ্ৰে’ড-২ ষ্টেনোগ্ৰাফাৰ (অসমীয়া, বাংলা, হিন্দী) – ১০ পদ
প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হ’ব লাগিব।
দৰমহা – ৩০,০০০ৰ পৰা ১,১০,০০০ টকা। গ্ৰে’ড পে’ ১৩,০০০ টকা। প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২১-ত ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।
আৱেদনৰ মাচুল – General/EWS প্ৰাৰ্থীৰ বাবে ২৮৫.৪০ টকা, SC/ST/OBC/MOBC প্ৰাৰ্থীৰ বাবে ১৮৫.৪০ টকা, BPL প্ৰাৰ্থীৰ বাবে ৩৫.৪০ টকা, PWBD প্ৰাৰ্থীৰ বাবে ৩৫.৪০ টকা।
নিয়োগ সংক্ৰান্তীয় বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
কিদৰে অনলাইন আৱেদন কৰিব জানিবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – নলবাৰীত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন