প্ৰতনিধিত্বমূলক ছবি

সোণাৰি: চৰাইদেউ জিলাত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত জিলা উপায়ুক্ত পল বৰুৱাই এক নিৰ্দেশনাৰ জৰিয়তে ১৪৪ ধাৰা জাৰি কৰিছে।

উক্ত নিৰ্দেশনা অনুসৰি এই সময়ছোৱাত ৰাজহুৱা স্থানত পাঁচজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। কোনো লোকে ৰাজহুৱা স্থানত মাৰনাস্ত্ৰ তথা লাঠি, ডেগাৰ, তৰোৱাল জাতীয় চোকা অস্ত্ৰ লৈ ফুৰিব নোৱাৰিব।
অনুমতি অবিহনে সভা-সমিতি, সমদল, ধৰ্মঘট আদি অনুষ্ঠিত কৰিব নোৱাৰিব। পথ অৱৰোধ তথা পদপথত ধৰ্মঘট আদি অনুষ্ঠিত কৰাত বাধা আৰোপ কৰাৰ লগতে ৰাজহুৱা স্থানত ধৰ্ণা, শ্ল’গান আদি অনুমতি অবিহনে দিব নোৱাৰিব।

তদুপৰি ৰাজহুৱা স্থান, ৰাষ্টাঘাট তথা চৰকাৰী কাৰ্যালয়ত চান্দা সংগ্ৰহত বাধা আৰোপ কৰাৰ লগতে শিক্ষানুষ্ঠান, চিকিৎসালয় তথা আদালতৰ সমীপত উচ্চ স্বৰত লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

অৱশ্যে এই নিৰ্দেশাৱলী আৰক্ষী, সেনাবাহিনী, ন্যায়ধীশ তথা জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

আজিৰে পৰা অহা ৬০ দিনৰ বাবে পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে জিলাখনত ১৪৪ ধাৰা বাহাল থাকিব বুলি এক বিজ্ঞপ্তি যোগে জনোৱা হয়। আনহাতে নিৰ্দেশনা অমান্য কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply