মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: উজনি অসমৰ ক্ষুদ্ৰ জনগোষ্ঠীসকলৰ ৰংঘৰ স্বৰূপ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ মৌজাৰ সমগ্ৰ চেমা নগাসকলে প্ৰতিবছৰে ৮ জুলাই দিনটোত তুলুনী উৎসৱৰ পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি আহিছে।

টিৰাপ মৌজাৰ চেমা নগাসকলে এই পৰম্পৰা অটুত ৰাখি লেখাপানীৰ শালেকী চেমা নগা গাঁৱত আজি তুলুনী উৎসৱ অতি উলহ মালহেৰে পালন কৰে।

উৎসৱটিত মুখ্য অতিথি হিচাবে অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ টেচাম পংটে আৰু মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম উপস্থিত থাকি চেমা ভাষা-সংস্কৃতিৰ ওপৰত বক্তব্য দাঙি ধৰে।

তুলুনী উৎসৱ চেমা জনগোষ্ঠীৰ এক কৃষিভিত্তিক উৎসৱ। জুলাই মাহত ঝুম খেতি ডৰাত ধানৰ থোক ধৰিবলৈ আৰম্ভ কৰাৰ সময়তে এই উৎসৱ পালন কৰে।

এই উৎসৱৰ মাজেদি চেমাসকলে শস্যৰে নদন-বদন হৈ উঠাৰ কামনা কৰি গীত-নৃত্য পৰিৱেশন কৰে। ‘লাওপানী’, গাহৰি মাংসৰ জুতি লৈ উৎসৱৰ সময়ত মতলীয়া হয় চেমা নগাসকল।

এই উৎসৱৰ সময়তে ভাবী জোঁ‌ৱায়েকক মাতি এসাঁজ ভাত খুওৱাৰ প্ৰথা আছে। জোঁৱাইৰ ঘৰৰ লগত মাংসৰ টোপোলা বিনিময় হয়। এই উৎসৱৰ দিনাই কাৰোবাৰ মাজত মনোমালিন্য থাকিলে পৰস্পৰে এই মনোভাব পৰিহাৰ কৰি একেলগে বহি ভোজ খাই মিলা-প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে।

তুলুনী উৎসৱে এনেদৰে ভাতৃত্বৰ এনাজৰী সুদৃঢ় কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি চেমা নগা সকলৰ যুৱ নেতা কাষ্ট চেমাই সংবাদমাধ্যমক জানিবলৈ দিছে।

লগতে পঢ়ক – উৎকোচ লৈ আটক হ’ল অসম লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply