বোকাখাত, উত্তম কুমাৰ শৰ্মা : সোমবাৰে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ কাৰ্যালয়ত উন্মোচন কৰা হয় বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক আৰু নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত মহেন শইকীয়াৰ দুখনকৈ গ্ৰন্থ ক্ৰমে “গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ” আৰু “মহিমা মণ্ডিত খনিকৰ পুথি আৰু অন্যান্য”।
কমাৰগাঁও অঞ্চলৰ এজন বিশিষ্ট শিক্ষক তথা শিক্ষা সংগঠক প্ৰয়াত দুৰ্বানন্দ গগৈৰ জীৱন বিষয়ক “গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে শিক্ষক জিতেন হাজৰিকাই আৰু আনখন গ্ৰন্থ “মহিমা মণ্ডিত খনিকৰ পুথি আৰু অন্যান্য” উন্মোচন কৰে লেখিকা তথা বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী সুবৰ্ণ শইকীয়াই।
উল্লেখযোগ্য যে শিক্ষকতাৰ সমান্তৰালকৈ দীৰ্ঘদিনৰ পৰা সাহিত্য চৰ্চা কৰি অহা মহেন শইকীয়াই ইতিমধ্যে “সময়ৰ দস্তাবেজ”, “দেওপাহাৰ”, “নুমলীগড়”, “আইদেউ সন্দিকৈ”, “জোনাক”, “ধাৰাপাত”, “জ্ঞানবোধ”, “গণিতৰ হাতপুথি”, “বিদ্যালয়ত মুল্যবোধৰ শিক্ষা” আদিকে ধৰি মুঠ দহখন ভিন্ন স্বাদৰ গ্ৰন্থ ৰচনা কৰি উলিওৱাৰ লগতে প্ৰকাশিত প্ৰতিখন গ্ৰন্থই ইতিমধ্যে পঢ়ুৱৈ সমাজৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামানে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে গোলাঘাট জিলাৰ কেইবাগৰাকী সাংবাদিকৰ লগতে শিক্ষক মহেন শইকীয়াৰ ভালেসংখ্যক গুণগ্ৰাহী। ইফালে ক’ভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠানটি আয়োজন কৰিব লগা হোৱা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।
লগতে পঢ়ক – কৰিমগঞ্জত ২,৩৬০ কেজি গাঞ্জা জব্দ; ২জনক গ্ৰেপ্তাৰ