সোণাৰি: সোণাৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ তৎপৰ হৈ উঠিছে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।
উল্লেখযোগ্য যে এসময়ত কংগ্ৰেছৰ দুৰ্গ খ্যাত সোণাৰি বিধানসভা সমষ্টি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ দখললৈ অহাৰ পাছত সেই সময়ৰ বিধায়ক তপন কুমাৰ গগৈয়ে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ পাছত ২০১৯ চনত তপন গগৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হয় আৰু উপ নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ নৱনীতা সন্দিকৈ বিধায়িকা হিচাপে নিৰ্বাচিত হছিল।
পৰৱৰ্তী সময়ত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা ধৰ্মেশ্বৰ কোঁৱৰ বিজেপিৰ পৰা সোণাৰিৰ বিধায়ক নিৰ্বাচিত হয়। ইয়াৰ পাছৰপৰাই সোণাৰি সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
বিধায়ক গৰাকীৰ তৎপৰতাত আজি বিজেপিৰ প্ৰতি আকৃষ্ট হৈ জাতীয়তাবাদী শিবিৰৰ ডেৰকুৰিৰোধিক লোকে দলটোত যোগদান কৰে। এই উদ্দেশ্যে সোণাৰিত আজি অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰাক্তন আটাছু নেতা তথা অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সদ্যপ্ৰাক্তন নেতা গণেশ বৰগোহাঞিৰ নেতৃত্বত বিজেপিত যোগদান কৰে বিভিন্ন দল-সংগঠনৰ কেইবা গৰাকী সদস্যই। এই উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাত এ পি জি চি এলৰ সঞ্চালক মণ্ডলীৰ অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন উপ পৌৰপতি গিৰিণ গগৈ, ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, চৰাইদেউ জিলা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গগৈ, জয়ন্ত বৰুৱাৰ লগতে বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
ইফালে বিৰোধী দলৰ প্ৰতি আস্থা নথকাৰ বাবেই আজি জনসাধাৰণে বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰাৰ লগতে সোণাৰি সমষ্টিটো ২৫ বছৰে কংগ্ৰেছ দলে দখল কৰা পাছতো সামগ্ৰিক উন্নয়ন নোহোৱা বুলি বিধায়ক কোঁৱৰে মন্তব্য কৰে।