মাৰ্ঘেৰিটা: ডিগবৈৰ গোলাইস্থিত Digboi Tourist Lodge নামৰ এটা লজতআৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত ১১ গৰাকী যুৱক-যুৱতীক আটক কৰে। মঙলবাৰে মাজনিশা তিনিচুকীয়া থানাৰ বিষয়া পৰাগ বৰগোঁহাইৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লজটোত অভিযান ৬ গৰাকী যুৱতী আৰু ৫জন যুৱকক আটক কৰে।

উল্লেখযোগ্য যে ডিগবৈৰ পংকজ বৰুৱা নামৰ ব্যৱসায়ীজনৰ মালিকাধীন চৰকাৰী অনুজ্ঞাপত্ৰ থকা লজটোত দীৰ্ঘদিনৰ পৰা দেহ ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

ধৃত যুৱক কেইজনক আদিব আনচাৰী (২৪), আৰিফ শ্বাহ (২০), অমচৰ আলী (২০), জালাউদ্দিন তালুকদাৰ (৪০) আৰু বিজয় শংকৰ আগৰৱালা (৪৪) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লজখনৰ কৰ্মচাৰী সোমনাথ উপাধ্যায়কো (২৭) আটক কৰে।

অভিযোগ অনুসৰি লজটোৰ মেনেজাৰ হৰি শৰ্মা আৰু ৰুবি বৰুৱা নামৰ আন এগৰাকী মহিলাই যুৱতীসকলৰ যোগান ধৰি আহিছিল। আৰক্ষীয়ে লজটোৰ ১২ আৰু ১৩ নম্বৰ কোঠাত বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।

অধিক তথ্যৰ বাবে ডিগবৈ আৰক্ষী থানাত আটকাধীন যুৱক -যুৱতী সকলক জেৰা চলাই থকা হৈছে।

লগতে পঢ়ক – গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদীত বুকুত জাঁপ দিলে এজনে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply