নিউজ ডেস্ক: শিলচৰত আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক। আজি দিনৰ ২ বজাৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ নৱনিৰ্মিত অত্যাধুনিক শব্দ নিয়ন্ত্রক আৰু শীত-তাপ নিয়ন্ত্রিত হলত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।

এই উপলক্ষে চহৰখনক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। চহৰখনত যান-জঁট নিয়ন্ত্ৰণৰ বাবে ন’ এন্ট্রি, চে’ক পইণ্ট আৰু ৱান ৱে’ হিচাপে ট্ৰেফিক নির্দেশনা জাৰি কৰা হৈছে। তদুপৰি, কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ পৰা শিলচৰ চহৰলৈ ৰাস্তাত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ হৰ্ডিং আৰু প’ষ্টাৰ লগোৱা হৈছে।

উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে শিলচৰত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গুজৰাটৰ পৰা চাৰ্টাৰ্ড বিমানযোগে শিলচৰত উপস্থিত হৈছে।

মুখ্য মন্ত্ৰীৰ ওপৰি ৰাজ্যিক কেবিনেটৰ আন মন্ত্ৰী বিধায়কসকলো শিলচৰত উপস্থিত হৈছে। তেওঁলোকে কেবিনেট বৈঠকত অংশগ্ৰহণৰ পূৰ্বে বৰাক উপত্যকাৰ ১৫টা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত মুখ্য মন্ত্রীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।

আনহাতে কেবিনেট বৈঠকৰ পূৰ্বে মুখ্য মন্ত্ৰীয়ে ৪২.০৬ কোটি টকা ব্যয় সাপেক্ষে শিলচৰ চহৰৰ ৰাংগিৰখাল নলাৰ গার্ড ৱালৰ কামৰ আধাৰশিলা স্থাপন কৰে।

লগতে পঢ়ক – যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply