নিউজ ডেস্ক : সমগ্ৰ দেশতে অব্যাহত আছে মাৰাত্মক ক’ভিডৰ ভয়াবহ তাণ্ডৱলীলা। দেশত প্ৰতিদিনে লাখ লাখ লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। ক’ভিডৰ এই সংহাৰী লোক ইতিমধ্যে আমাৰ মাজৰ পৰা কাঢ়ি নিছে অসমৰ কেইবাগৰী কণ্ঠশিল্পী।
এইবাৰ পুনৰ এগৰাকী অসমীয়া কণ্ঠশিল্পীয়ে প্ৰাণ হেৰুৱালে ক’ভিডত আক্রান্ত হৈ। বহিঃৰাজ্যত ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱালে অসমৰ ৪৪ বছৰীয়া জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী বৰাই। উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুমৰ জনপ্ৰিয় কন্ঠশিল্পী নিলাক্ষী বৰাই মহাৰাষ্ট্ৰৰ পুনেস্থিত সামৰিক বাহিনীৰ চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰে।
লগতে পঢ়ক : অৰুণাচলত ১০ লাখ টকাৰ নিচাযুক্ত হেৰ’ইন জব্দ; মহিলাসহ অসমৰ ৫জন ব্যক্তিক গ্ৰেপ্তাৰ
নিলাক্ষী বৰা মাকুমৰ বিশিষ্ট ব্যৱসায়ী প্ৰয়াত গিৰীশ বৰা আৰু ভাৰতী বৰাৰ জ্যেষ্ঠ কন্যা। ক’ভিডত আক্রান্ত হৈ অঞ্চলটোৰ এগৰাকী কণ্ঠশিল্পীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ মাকুমত শোকৰ ছাঁ পেলাইছে। নিলাক্ষীৰ স্বামী এগৰাকী সেনা বিষয়া আৰু স্বামীৰ কৰ্মসূত্ৰে নিলাক্ষী পুনেত বসবাস কৰি আছিল।