নিউজ ডেস্ক: ফে’চবুক প’ষ্টৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ খবৰ দিলে শিল্পী মহেন্দ্ৰ হাজৰিকাই। দুৰ্ঘটনাৰ পিছত অলপ সুস্থ হোৱা বুলি মঙলবাৰে ৰাতিপুৱা অৱগত কৰে আৰু ৰাইজক তেওঁলোকৰ দৰে শিল্পীসকলৰ খবৰ ৰাখিবলৈ আহ্বান জনায়।

শিল্পী গৰাকীয়ে চিকিৎসালয়ত নাৰ্ছ তথা চিকিৎসা কৰ্মীসকলৰ লগত তোলা ছেলফি শ্বেয়াৰ কৰাৰ লগতে চমুকৈ গোৱা এটি গানৰ জৰিয়তে দুৰ্ঘটনাৰ বিৱৰণ দিয়ে।

উল্লেখ্য যে, সোমবাৰে নিশা শিৱসাগৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত শিল্পী মহেন্দ্ৰ হাজৰিকা গুৰুতৰভাৱে আহত হৈছিল। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকাৰ সময়তে দিখৌ দলঙৰ সমীপত শিল্পীগৰাকীৰ বাহনখনে এজোপা গছত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা আহত শিল্পীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক – ৫০১ হেক্টৰ ভূমিত পুনৰ উচ্ছেদ অভিযান, ভাঙিব পাৰে বিদ্যালয়-অংগনবাড়ী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply