গুৱাহাটী : শিশুৰ পৰা বৃদ্ধলৈ অসমৰ লাখ লাখ সংগীত অনুৰাগীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে আজি ৫০ বছৰত ভৰি থ’লে। নিজৰ ৫০ বছৰীয়া জন্মদিনত শিল্পী গৰাকীয়ে অসমবাসীক তেওঁৰ প্ৰতি জনোৱা মৰমৰ বাবে কৃতজ্ঞতা জনায়।

আজি ওপজা দিনৰ দিনাই জুবিনে তেওঁৰ অগণন অনুৰাগীৰ বাবে মুকলি কৰিলে বৰ্ণময় সংগীত যাত্ৰাৰ সমস্ত সাধনা সামৰি গঢ়ি তোলা জুবিন গাৰ্গ মিউজিক (Zubeen Garg Music) লেবেল।

জুবিন গাৰ্গ মিউজিকৰ অধীনত ইউটিউব চেনেল, টুইটাৰ একাউণ্ট, ফে’চবুক একাউণ্ট আৰু ইনষ্টাগ্ৰাম একাউণ্ট মুকলি কৰাৰ লগতে নিজৰ ফে’চবুক পেজত শিল্পী গৰাকীয়ে ইউটিউব চেনেলৰ লিংক প্ৰদান কৰে।

তদুপৰি তেওঁৰ অনুৰাগী সকলক উক্ত YouTube চেনেল like, Follow, Share, Subscribe কৰিবলৈ অনুৰোধ জনাই জুবিন গাৰ্গে। এই YouTube চেনেলত অনুৰাগীসকলে জুবিনৰ সকলো ন-পুৰণি গীত লাভ কৰিব।

অহা ২৬ নৱেম্মৰৰ পৰা গীতসমূহ আপল’ড কৰা হ’ব বুলি তেওঁ জনায়। ইয়াৰ জৰিয়তে অনুৰাগীসকলক একে ঠাইতে নিজৰ সকলো গান পাব পৰা সুবিধা কৰি দিয়াৰ লগতে ইয়াৰ যোগেদি জুবিনে ৰাজ্যৰ নতুন প্ৰতিভাৰ সন্ধান কৰাৰো মানস কৰিছে।

তেওঁ জনোৱা মতে এই চেনেলত প্ৰকাশৰ বাবে নিজে লিখি নিজে গোৱা গান হ’ব লাগিব। অসমৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ ক্ষেত্ৰত জুবিন গাৰ্গ মিউজিক চিৰ দায়বদ্ধ হৈ থকাৰ লগতে আগন্তুক দিনত ইয়াৰ জৰিয়তে নতুন নতুন শিল্পী সৃষ্টি হ’ব বুলি আশাবাদী জুবিন।

কোনোবাই গীত প্ৰকাশ কৰিব বিচাৰিলে ২৪ নৱেম্বৰৰ পৰা 6001845445 নম্বৰত যোগাযোগ কৰিব পাৰিব তেওঁ লগতে জনায়।

আনহাতে আজিৰ এই শুভক্ষণত জুবিনে বাৰটা নতুন গীতৰ এটা এলবামৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : নিমাতীঘাটৰ সাহসী ব্যক্তি সকললৈ মুখ্যমন্ত্ৰীৰ পুৰস্কাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply