নিউজ ডেস্ক: সোমবাৰে মৰিয়নিত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন লোকে প্ৰাণ হেৰোৱাব লগীয়া হয়। প্ৰাপ্ত তথ্য মতে সোমবাৰে মৰিয়নিৰ ধোদৰআলীত এখন টাটা ছুম’ বাহনৰ সৈতে এখন স্কটিৰ মুখামুখি সংঘৰ্ষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে ডিমাপুৰৰ পৰা মোকোকচুং অভিমুখে গৈ থকা NL 02 T 2114 নম্বৰৰ টাটা ছুম’য়ে মৰিয়নি আৰু গোলাঘাটৰ মাজত ধোদৰআলীত AS 03 Z 5886 নম্বৰৰ স্কুটিখনক খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত স্কুটিখনত থকা মাক, জীয়েক আৰু জোঁৱায়েকৰ থিতাতে মৃত্যু হয়। আনহাতে উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি মৰিয়নিত মৰিয়নিত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় লোকে মৰিয়নিত পথ অৱৰোধ আৰু ছুম’খনৰ চালক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে। ফলত নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ নাগৰিকক উক্ত পথেৰে যাত্ৰা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই এক সতৰ্কতামূলক জাননী জাৰি কৰিছে।

‘পৰিস্থিতি শাম নকটা পৰ্য্যন্ত অসমৰ মাজেৰে অহা-যোৱা কৰা যাত্ৰীসকলে উক্ত পথটো যেন পৰিহাৰ কৰে। অনাকাংশিত পৰিস্থিতিৰ যাতে সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে মোকোকচুং অভিমুখি যাত্ৰীসকলে গোলাঘাট-মেৰাপানী-চামপাং-সোণোৱাল পথটো গ্ৰহণ কৰে,’ জাননীত কোৱা হয়।

লগতে পঢ়ক – গুৱাহাটী দক্ষিণ পূব এছিয়াৰ এখন প্ৰধান চিকিৎসা মহানগৰী হৈ উঠিব : মুখ্য মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply