শিৱসাগৰ, আমিনুৰ ৰহমান: শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আজি সমষ্টিটোৰ বিভিন্ন স্থান ভ্ৰমণ কৰি বান গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়।

বিধায়ক গৰাকীয়ে সমষ্টিটোৰ হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত দৰিকা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজক সাক্ষাৎ কৰি অঞ্চলটোৰ বিধ্বস্ত মূলপথটো পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাৰ বুজ লয়।

বিধায়ক গৰাকীয়ে শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ বান গৰাখহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীক দাবী জনায় আহিছে যদিও চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কাৰ নাই বুলি অভিযোগ কৰে।

গৰাখহনীয়া ৰোধৰ বাবে কি ক’লে বিধায়ক অখিল গগৈয়ে, চাওক-

তেওঁ দাবী জনায় যে আগন্তুক বাৰিষাৰ আগতে শিৱসাগৰৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। অন্যথা ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনায়।

লগতে পঢ়ক – অসম আৰক্ষীৰ RIDE OF PRIDE টীমক লখিমপুৰত উষ্ম আদৰণি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply