নগাঁও: আজি নগাঁৱৰ ৰহাত এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়, আহতসকলৰ ৬ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01-HC-3783 নম্বৰৰ প্ৰায় ২০জন যাত্ৰী কঢ়িয়াই নিয়া যাত্ৰীবাহী বাছখনৰ চালকগৰাকীয়ে, ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছখনৰ এটা চকা ফুটাত, নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকত খুন্দা মৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
বাছখনৰ আহত যাত্ৰীকেইজনক ততালিকে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে বাছখনৰ চালকসহ ৬ জন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ইষ্টম’জ’ৰ আগত ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পন শইকীয়াই কয়, ”আজি দিনৰ প্ৰায় ১১ বজাত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ২০ জনমান যাত্ৰী কঢ়িয়াই নিয়া বাছখন দুৰ্ঘটনাত পতিত হয়। বাছখনৰ টায়াৰ ফুটাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। ছয়জন যাত্ৰীৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।”
দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে ঘাইপথৰ পৰা দুয়োখন গাড়ী আঁতৰাই পথটো আন যান-বাহনৰ বাবে মুকলি কৰি দিয়ে।
উল্লেখযোগ্য যে অসমত চলিত বৰ্ষত এতিয়ালৈকে ১,৭৮৯ গৰাকী ব্যক্তি পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে, ২০২০ চনত পথ দুৰ্ঘটনাত অসমত ২,৬২৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৯ চনত ৩,২০৭ লোকৰ মৃত্যু হৈছিল। আনহাতে, চলিত বৰ্ষত অসমত এই পৰ্যন্ত কমেও ৪,৩২৮ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২০ চনত ৬,৫৯৩টা আৰু ২০১৯ চনত ৮,২৫০ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল।
লগতে পঢ়ক – দৰঙৰ বানত ক্ষতিগ্ৰস্ত গৃহৰ তালিকাৰ পুনৰীক্ষণৰ বাবে পুনৰীক্ষণ গোট গঠন