মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ এগৰাকী প্ৰায় ২০বছৰীয়া যুৱতীৰ অস্বাভাৱিক অৱস্থাত মৃতদেহ উদ্ধাৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। লিডু আৰক্ষী চকীৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত ২৪ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ৯ বজাত চবনম খাতুন (২০) নামৰ এগৰাকী যুৱতীয়ে নিজ বাসগৃহৰ পৰা প্ৰায় ৩০/৪০ মিটাৰ নিলগত অৱস্থিত তথা ক’ল ইণ্ডিয়াৰ মুক্তখননস্থলীত প্ৰাতঃক্ৰিয়া কৰিবলৈ গৈছিল।
প্ৰায় এঘণ্টা সময়ধৰি যুৱতীগৰাকী ঘৰলৈ উভতি নহা দেখি মাতৃ আৰু ভগ্নীয়ে বিচাৰি যোৱাত যুৱতীগৰাকীক ৰক্তাত অৱস্থাত উদ্ধাৰ কৰে। নিজ কন্যাৰ এনে অৱস্থা দেখি মাতৃগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত পৰি থকা যুৱতী গৰাকীক উদ্ধাৰ কৰে যদিও ইতিপূৰ্বে যুৱতীগৰাকীৰ মৃত্যু হৈছিল।
কিন্তু লিডু আৰক্ষীয়ে আজি পৰ্য্যন্ত যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ফাদিল কৰিব নোৱাৰাৰ বিপৰীতে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাক হত্যাকাণ্ড আখ্যা দিছে। আজি লিডু ইটাখোলা পৰা লিডু কলেজ তিনি আলি পৰ্য্যন্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু আমছুৰ সহযোগত মম বাতি জ্বলাই এক বৃহৎ সমদল বাহিৰ কৰে।
ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় নেতা ৰাহুল ছেত্ৰীৰ উপস্থিত আজি সমদলস্থলীৰ পৰাই আৰক্ষী প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাক ক্ষুব্ধ হৈ ছাত্ৰ মুক্তিৰ নেতা গৰাকীয়ে কয় যে ‘বেটি বছাও বেটি পঢ়াও’ শ্ল’গান আওৰা বিজেপি নেতৃত্বাধীন চৰকাৰ দিনত প্ৰতি দিনে যুৱতী কিশোৰীৰ হত্যাকাণ্ড, ধৰ্ষণ সংঘটি হৈ আহিছে যদিও এই ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।
অনতি পলমে চবনম খাতুন মৃত্যুত প্ৰকৃত ৰহস্য ফাদিল কৰি দুখিক কঠোৰ পৰা কঠোৰ শাস্তী দিয়াৰ দাবী উত্থাপন কৰে। একাংশ ৰাইজে সন্ধেহ কৰিছে যে যুৱতী গৰাকীক কোনো লোকে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল আৰু ধৰ্ষণ কৰিব নোৱাৰি যুৱতী গৰাকী হত্যা কৰে। অন্যহাতে বাতৰি প্ৰস্তত কৰি থকা সময়ত আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি তিনিজন ব্যক্তিক আজি এই হত্যাকাণ্ড ঘটনাৰ সুধাপোছাৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক – ‘মোৰ ব্ৰাৰ জোখ ভগৱানে লৈ আছে’; অভিনেত্ৰী শ্বেতা তিৱাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু