মঙলদৈ: অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল এছ পি ৰাজমোহন ৰায়ে। বনকৰা কিশোৰী আৰতী তুৰীৰ হত্যাকাণ্ডৰ তদন্তত হোৱা গাফিলতিৰ বাবেই মুখ্যমন্ত্ৰীয়ে দিছিল নিলম্বনৰ নিৰ্দেশ ।
উল্লেখ্য যে, এই তুৰীৰ হত্যাকাণ্ডক বিপথে পৰিচালিত কৰাৰ অভিযোগত নাম সাঙোৰ খাইছিল এছ পি ৰাজমোহন ৰায়ৰ। বিগত তিনিদিন ধৰি পলাতক অৱস্থাত থকা এছ পি গৰাকীয়ে অৱশেষত চি আই ডি ৰ কাৰ্যালয়ত আত্মসমৰ্পন কৰিলে। আনহাতে এতিয়াও পলাতক অৱস্থাতে আছে কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা৷
উল্লেখযোগ্য যে বিগত জুন মাহত ধূলা থানা এলেকাত ৰহস্যজনকভাৱে এগৰাকী বনকৰা কিশোৰীৰ মৃত্যু হৈছিল। ঘটনা অনুসৰি এছ এছ বিৰ জোৱান কৃষ্ণ কমল বৰুৱাৰ ঘৰত মৃত্যু হৈছিল এই বনকৰা কিশোৰী গৰাকীৰ। ইয়াৰ পিছতেই বৃহৎ ধনৰ লেনদেনৰ জৰিয়তে আৰক্ষীয়ে ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল৷
ইপিনে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত চি আই ডিয়ে নতুনকৈ গোচৰ ৰুজু কৰি পুনৰ তদন্ত আৰম্ভ কৰাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে সংগ্ৰহ কৰে বিভিন্ন তথ্য ৷ তদন্তত এছ এছ বিৰ জোৱানজনক সুৰক্ষা দিবৰ বাবে আৰক্ষীয়ে বৃহৎ ধনৰ লেনদেন কৰাৰ প্ৰমাণ পোৱাৰ পাছতেই চি আই ডিয়ে এফালৰ পৰা অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে৷
ইপিনে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে জিলাখনৰ এছ বি, এ এছ পি আৰু অ’ চিক নিলম্বন কৰা হৈছিল৷ লগতে প্ৰথমে অভিযুক্তৰ পৰা ৫ লাখ টকা লোৱা ধূলা থানাৰ নিলম্বিত অ’ চি উৎপল বৰাক গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে৷
ইয়াৰ পাছতেই ভুৱা মৰণোত্তৰ প্ৰতিবেদন দিয়া মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসক ক্ৰমে ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা আৰু ডাঃ অজন্তা বৰদলৈক গ্ৰেপ্তাৰ কৰা হয়৷ ইয়াৰ পাছতে অভিযুক্তক সুৰক্ষা দিয়াৰ বাবে ১.৫০ লাখ টকা উৎকোচ লোৱা নিলম্বিত এ এছ পি ৰূপম ফুকনকো গ্ৰেপ্তাৰ কৰাত পলায়ন কৰে এছ পি ৰাজমোহন ৰায় আৰু কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে নিলম্বিত এছ পি ৰাজমোহন ৰায়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন বিচাৰি আৱেদন কৰিছিল যদিও আদালতে তেওঁৰ আৱেদন নাকচ কৰাত বাধ্যত পৰি শুকুৰবাৰে তেওঁ চি আই ডিৰ ওচৰত আত্মসমৰ্পণ কৰে৷
এই উৎকোচ লোৱাৰ প্ৰমাণ পোৱাৰ পাছতে চি আই ডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলায়৷ কিন্তু তেওঁ পলায়ন কৰাৰ লগতে আত্মগোপন কৰিছিল৷ যোৱা নৱেম্বৰৰ নিশাৰ পৰা আত্মগোপন কৰি থকা এছ পি ৰায়ে আজি চি আই ডিৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷
ইতিমধ্যে চি আই ডিয়ে এছ পি গৰাকীৰ এছ বি আই আৰু কানাড়া বেংকৰ ওদালগুৰি শাখাত থকা দুটা একাউণ্টৰ তথ্য সংগ্ৰহ কৰিছে ৷ ইফালে এছ পি, এ এছ পিৰ লগতে অ’ চিৰ পাছত এইবাৰ ধূলা থানাৰ তদন্তকাৰী বিষয়া [আই অ’] আনোৱাৰ হুছেইনো তদন্তৰ আওতালৈ আহিছে৷
লক্ষণীয় যে বনকৰা কিশোৰীগৰাকীৰ তদন্তৰ দায়িত্বত থকা আনোৱাৰ হুছেইনেই থানাত ৰুজু হোৱা গোচৰটোৰ সকলো কথা লিপিবদ্ধ কৰিবলগীয়া হৈছিল৷ হুছেইনেই শেষত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছিল বুলি উল্লেখ কৰি গোচৰটোৰ ফাইল বন্ধ কৰিছিল৷
সম্প্ৰতি তেওঁ ধনৰ বিনিময়ত এই কাম কৰিছিল নে কোনো শীৰ্ষ বিষয়াৰ হেঁচাত বাধ্? হৈছিল সেই বিষয়ে চি আই ডিয়ে প্ৰাথমিক অনুসন্ধান কৰি আছে৷ ইফালে পলাতক কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আজিও পলাতক অৱস্থাতেই আছে৷
আনহাতে গ্ৰেপ্তাৰ হোৱা তিনিওজন চিকিৎসকে চি আই ডিৰ জেৰাত নিজৰ দোষ স্বীকাৰ কৰাৰ পৰিৱৰ্তে পূৰ্বৰ স্থিতিতে অটল থকা বুলি জানিব পৰা গৈছে৷
লগতে পঢ়ক – ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনক অব্যাহতি!