নিউজ ডেস্ক: বি টি আৰৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কাৰ্যসূচীৰে বড়োলেণ্ডত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং।
মঙলবাৰে কোকৰাঝাৰত উপস্থিত হৈ আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত যোৱা ২৬ জানুৱাৰীত বড়োভূমিত পুনৰ নতুনকৈ সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
সিঙৰ মতে নতুনকৈ গঠন হ’বলগীয়া সশস্ত্ৰ সংগঠনটোৰ নাম দিয়া হোৱা নাছিল যদিও ৬ জানুৱাৰীত এমাহ ধৰি আৰক্ষী আৰু চোৰাংচোৱা হাতত থকা তথ্য অনুসৰি মূল সন্দেহযুক্ত ব্যক্তি বি পি এফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰাৰ লগতে একেদিনাই বড়োলেণ্ড জনজাতিৰ সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰৱ নাৰ্জাৰী আৰু ঠিকাদাৰ সন্থাৰ নেতা বিক্ৰম দৈমাৰীক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ইয়াৰ উপৰি নতুনকৈ ভূমিস্থ হ’বলগীয়া সশস্ত্ৰ সংগঠনটোত আৰু বহু লোক জড়িত থকা বুলি সদৰী কৰি সিঙে বড়োভূমিত যাতে পুনৰ এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাক ভালদৰে চালিজাৰি চাবলৈ আৰু কাৰ্যব্যৱস্থা ল’বলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে।
উল্লেখ্যযোগ্য যে, হিতেশ বসুমতাৰীয়ে ২০২১ত এন এল এফ বি নামৰ সংগঠনক মাৰণাস্ত্ৰ যোগান ধৰাৰ লগতে এন এল এফ বিৰ স্কৰপিঅ’ৰ পৰা জব্দ হোৱা ৭ টা মান মাৰণাস্ত্ৰ হিতেশ বসুমতৰীয়ে যোগান ধৰিছিল বুলিও বিশেষ আৰক্ষী সঞ্চালক প্ৰধানজনে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
লগতে পঢ়ক – নাগৰিকত্ব আইনৰ ধাৰা ৬ (এ)-ৰ সাংবিধানিক বৈধতা বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে