বোকাখাত : কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা গাড়ীৰ খুন্দাত এটি গঁড় আঘাটপ্ৰাপ্ত হ’বলগীয়া হয়। কাজিৰঙাৰ হালধিবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰাৰ সময়তে তীব্ৰ বেগত অহা এখন বাহনৰ খুন্দাত গঁড়টো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

প্ৰাপ্ত তথ্য মতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা গঁড়টোক AS 12 BC 8964 নম্বৰৰ টাটা ডি আই গাড়ীখনে খুন্দা মৰাত গঁড়টো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ঢলি পৰে।

পিছত আহত গঁড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ হাবিৰ মাজত আশ্ৰয় লয়।

কাজিৰঙাৰ হালধিবাৰী এনিমেল ক’ৰিডৰত সংঘটিত হয় ঘটনা। বন বিভাগ আৰু পৰিবহণ বিভাগৰ ইমান তালাচীৰ পিছতো কেনেকৈ তীব্ৰ বেগত গাড়ী চলাইছে |

৪০ স্পীড লিমিটৰ ফলক লগোৱাৰ উপৰি উক্ত স্থানত সংযুক্ত কৰা আছে বন বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক কেমেৰা।

গঁড় খুন্দিওৱা বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰাৰ লগতে আহত গঁড়টোৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱস্থা লৈছে বন বিভাগে।

লগতে পঢ়ক : টীয়কত ক’ভিড সজাগতামূলক গীত উন্মোচন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply