গুৱাহাটী: অসমত ষ্টাৰ্ট-আপৰ পৰিৱেশ হয়তো কিছু পলমকৈ আৰম্ভ হৈছে যদিও যথেষ্ট দ্ৰুত গতিত ই প্ৰসাৰ লাভ কৰিছে। ৰাজ্যৰ নৱপ্ৰজন্মৰ মনত এই কথাই এক আশাৰ সঞ্চাৰ কৰিছে। এই মন্তব্য মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
বুধবাৰে অসমত ষ্টাৰ্ট-আপৰ সম্ভাৱনীয়তা সম্পৰ্কে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, “আমাৰ দেশৰ ষ্টাৰ্ট-আপৰ পৰিৱেশে গোলকীয় অৰ্থনীতিত এক নতুন জোৱাৰ আনিছে আৰু নতুন প্ৰজন্মই ইয়াৰ সুবিধা ল’বলৈ সক্ষম হৈছে।”
২০২১ চনত ৰাজ্যসমূহৰ ষ্টাৰ্ট-আপ ৰেংকিঙত ষ্টাৰ্টআপ ইক’চিষ্টেম গঢ়ি তোলাৰ শাখাত অসমে আগশাৰীৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা বুলি তেওঁ উল্লেখ কৰে।
দেশত উচ্চ সম্ভাৱনা থকা প্ৰপ-টেক ষ্টাৰ্টআপক গুৰুত্ব প্ৰদান কৰি অহা ষ্টাৰ্ট-আপ এক্সিলাৰেটৰ Gruhas Aspire-এ বাছনি কৰা সাতটা প্ৰপ-টেক ষ্টাৰ্ট-আপকো অনুষ্ঠানটোত মুখ্য মন্ত্ৰীয়ে অভিনন্দন জনায়।
লগতে পঢ়ক – ৰাজ্যৰ ২২,৬০১ গৰাকী শিক্ষাৰ্থীক আগবঢ়োৱা হয় আনন্দৰাম বৰুৱা বঁটা