নিউজ ডেস্কঃ ৰাজ্যত এতিয়া জাপানীজ এনকেফেলাইটিছৰ আতংক। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। যোৱা আঠ দিনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে আঠজনৰ। ইয়াৰ পিছতেই শুকুৰবাৰে সকলো জিলালৈ চৰকাৰে সতৰ্কতা জাৰি কৰিছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি ১জুলাইৰ পৰা অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৭৪জন। শুকুৰবাৰৰ দিনটোতে ২৪জনৰ দেহত জাপানীজ এনকেফেলাইটিছ ধৰা পৰিছে।
ইয়াৰে আঠজনৰ মৃত্যু হৈছে। মৃত্যু হোৱা কেইজনৰ ভিতৰত দুজন যোৰহাটৰ, এজন লখিমপুৰৰ, এজন কামৰূপৰ, এজন ধেমাজিৰ, এজন শিৱসাগৰৰ, এজন যোৰহাটৰ আৰু এজন নগাঁৱৰ।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলাৰ স্বাস্থ্য দলসমূহক নিৰীক্ষণ প্ৰক্ৰিয়া অধিক উন্নত কৰিবলৈ আৰু জ্বৰত আক্ৰান্ত ৰোগীৰ বিষয়ে সময়মতে কর্তৃপক্ষক অৱগত কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ড৹ লক্ষ্মীপ্ৰিয়াই নিৰ্দেশ দিছে।