বৈঠালাংছ‘ঃ সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচন। শুকুৰবাৰে পশ্চিম কাৰ্বিআংলঙত উপস্থিত হয় অসম ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলক কুমাৰ। আয়ুক্ত গৰাকীয়ে জিলা সদৰ হামৰেণস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত এক বৈঠকত মিলিত হয়। বৈঠকত পশ্চিম কাৰ্বিআংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱা, অতিৰিক্ত উপায়ুক্ত তাহিদুৰ ৰহমান, আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহা পৰিদৰ্শক সত্যৰাজ হাজৰিকা, আৰক্ষী অধীক্ষক ইমদাদ আলী, অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰী, জিলা নিৰ্বাচনী বিষয়াকে ধৰি বহুকেইজন বিভাগীয় বিষয়া উপস্থিত থাকে। আয়ুক্ত গৰাকীয়ে আগন্তুক কাৰ্বিপৰিষদৰ নিৰ্বাচনকেন্দ্ৰিক সকলো বিষয়ৰ ওপৰত বুজ লয়।
বৈঠকত প্ৰশাসনিক দিশৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আয়ুক্ত গৰাকীয়ে কয় যে, আগন্তুক কাৰ্বিপৰিষদৰ নিৰ্বাচনৰ দিন নিশ্চিত কৰা নাই যদিও বৰ্তমানৰ পৰিষদৰ কাৰ্যকাল যিহেতু ৩ জুনত শেষ হ’ব সেয়ে ‘জুন মাহৰ মাজভাগৰ ভিতৰতে নিৰ্বাচনৰ সকলো কাম সমাপ্ত কৰিব লাগিব। লগতে আয়ুক্তগৰাকীয়ে জনাই যে EVMৰ জৰিয়তে নহয় বেলট পেপাৰৰ জৰিয়তেহে ভোটগ্ৰহণ হ’ব।