গুৱাহাটী: বন অধিকাৰ আইন ২০০৬-ৰ সালসলনি ঘটাই ভাৰত চৰকাৰে আনিব খোজা নতুন ‘বনাঞ্চল সংৰক্ষণ নিয়মাৱলী ২০২২’ সম্পৰ্কে আজি গুৱাহাটীত এক ৰাজ্যিক পৰ্যায়ৰ আলোচনা সভা অনুষ্ঠিত হয়।

“ভাৰতৰ পৰিবেশ আৰু বনাঞ্চল আইনৰ প্ৰস্তাৱিত সালসলনি” শীৰ্ষক নিখিল ভাৰত কৃষক সভা (AIKS), নিখিল ভাৰত কৃষক মহাসভা (AIKMS) আৰু ‘নাগৰিক সমাজ’ৰ উদ্যোগত অনুষ্ঠিত উক্ত সভাত অহা সদনত গৃহীত হ’বলগীয়া ‘বনাঞ্চল সংৰক্ষণ নিয়মাৱলী ২০২২’-ৰ বিভিন্ন দিশ আৰু প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হয়।

প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাং আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাত অধিবক্তা শান্তনু বৰঠাকুৰে চৰকাৰে আনিব খোজা নতুন অধিনিয়মখনৰ এক সামগ্ৰিক বাখ্যা আগবঢ়োৱাৰ লগতে অসমৰ প্ৰেক্ষাপতত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে বিস্তৃত বাখ্যা আগবঢ়ায়।

তেওঁ কয়, ‘’অসমত এতিয়াও বন অধিকাৰ আইন মতে জনজাতীয় মানুহে বা বনাঞ্চলৰ বাসিন্দাসকলে (traditional forest dwellers) তেওঁলোকৰ অধিকাৰ সম্পূৰ্ণৰূপে পোৱা নাই। ‘’

‘’গতিকে যি সময়ত বনৰ অঞ্চলত বাস কৰা লোকসকলৰ অধিকাৰ আইনসন্মতভাৱে সুৰক্ষিত হোৱা নাই তেনেস্থলত যদি এইখন নিয়মাৱলী কাৰ্যকৰী কৰে তেন্তে সেই মানুহবিলাক কোনো ধৰণৰ আইনী সুৰক্ষাৰ অধীনলৈ নহাকৈ ৰৈ যাব,’’ তেওঁ লগতে কয়।

ইয়াৰ পূৰ্বে অধিবক্তা, লেখক কিশোৰ কুমাৰ কলিতাই চৰকাৰে নতুন নিয়মাৱলীৰ জৰিয়তে বন অধিকাৰ আইন ২০০৬-ৰ অধীনত থকা অধিকাৰসমূহ ধ্বংস কৰিব খুজিছে বুলি উল্লেখ কৰি কয় যে বিষয়টোৱে যিধৰনে গুৰুত্ব পাব লাগিছিল সেয়া চকুত পৰা নাই।

বিশেষকৈ অসমৰ সংবাদ মাধ্যমত বনাঞ্চল সংৰক্ষণ নিয়মাৱলী এতিয়ালৈকে কোনো আলোচনা বা চৰ্চা হোৱা নাই বুলি তেওঁ মন্তব্য কৰে, তেওঁ কয় যে বনাঞ্চল সংৰক্ষণ নিয়মাৱলী ২০২২-এ গাঁওসভাৰ অধিকাৰ আৰু ৰাজহুৱা শুনানিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বিনষ্ট কৰিব।

সভাত তিনিচুকীয়া, বাঘজান, দীপৰ বিল, চানডুবি আদি ঠাইৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা পৰিৱেশ কৰ্মীয়ে অংশগ্ৰহণ কৰি চৰকাৰে বন আইনৰ ক্ষেত্ৰত আনিবলগীয়া নতুন নিয়মাৱলীৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে থিয় ঐক্যবদ্ধ হৈ দিয়াৰ পোষকতা কৰে।

গুৱাহাটীৰ অসম সাহিত্য সভা ভবনত অনুষ্ঠিত উক্ত সভাত নতুন বনাঞ্চল সংৰক্ষণ নিয়মাৱলী বাতিলৰ দাবীত ৰাষ্ট্ৰপতিৰ লগতে ৰাজ্যৰ লোকসভা তথা ৰাজ্যসভাৰ সাংসদসকললৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি আহ্বায়ক মণ্ডলীৰ হৈ প্ৰনব দলে আৰু জয়ন্ত গগৈয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক – CWG 2022: হকীৰ ফাইনেলত ভাৰতীয় পুৰুষ হকী দল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply