বোকাখাত, উত্তম কুমাৰ শৰ্মা: শনিবাৰে বিয়লি অহা এজাক প্ৰচণ্ড বতাহ ধুমুহাই জোকাৰি গ’ল বোকাখাতৰ কেইবাটাও অঞ্চল।
বিধ্বংসী বতাহ ধুমুহাজাকে নিমিষতে ধ্বংস স্তূপত পৰিণত কৰিলে বোকাখাতৰ শিলভেটা গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ।
বোকাখাতৰ ম’হমাইকী পঞ্চায়তৰ অন্তৰ্গত শিলভেটা নামৰ গাওঁখনৰ প্ৰায় ২০টাকৈ পৰিয়ালৰ গোহালি, ভঁৰাল আৰু ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে কেইবাটাও বাসগৃহ সম্পূৰ্ণ ৰূপে তচনচ কৰে বা-মাৰলীজাকে।
অৱশ্যে বিধ্বংসী বা-মালৰীৰ ফলত উক্ত অঞ্চলৰ কোনো লোক হতাহত হোৱা নাই যদিও গৃহহাৰা হৈছে কেইবাটাও পৰিয়াল।
ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক প্ৰশাসনৰ তৰফৰ পৰা সহায়ৰ আহ্বান জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিয়ে।
লগতে পঢ়ক – তিনিচুকীয়াত দুজন এনএছচিএন (আইএম) সদস্যক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ