তামুলপুৰ: তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ পৰা বিগত পাঁচদিন ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰজন যোৱা ২ জুনৰ পৰা সন্ধানহীন হৈ আছে।

জানিব পৰা মতে উলুবাৰী গাৱৰ মণ্টু তালুকদাৰ আৰু জীতা তালুকদাৰৰ একমাত্ৰ পুত্ৰ  হিমাংশু তালুকদাৰে (১৬ বছৰ) যোৱা ২ জুনৰ বিয়লি তামুলপুৰ জিলা সদৰৰ শংকৰদেৱ বিদ্যা নিকেতনৰ সমীপৰ এখন কম্পিউটাৰ কেন্দ্ৰত কম্পিউটাৰ শিকিবলৈ ওলাই গৈছিল।

কিন্তু কম্পিউটাৰ শিকিবলৈ ওলাই যোৱা ছাত্র জন নিশালৈ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে।

পিছত সম্ভাব্য সকলো স্থানতে ছাত্রজনৰ বিচাৰ খোছাৰ কৰা হয় যদিও বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে তামুলপুৰ আৰক্ষী থানাক অৱগত কৰে।

উলুবাৰী আঞ্চলিক হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এইবেলি অৱতীৰ্ণ হোৱা ছাত্ৰজনৰ আজি পৰ্যন্ত কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকসকল অধিক চিন্তিত হৈ পৰিছে।

কোনো সদাশয় লোকে ছাত্ৰ জনৰ খবৰ পালে নিকটৱৰ্তী আৰক্ষী থানা অথবা মোবাইল ৯৮৬৪৫-৭৬০৭১, ৯৩৬৫৬-১৭৪৯৭ নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

লগতে পঢ়ক – নাইজেৰিয়াত গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা; কমেও ৫০ জন নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply