লখিমপুৰ : লখিমপুৰ জিলাৰ কদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ শিক্ষক ভৰত ৰাজখোৱাক বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানৰ লগতে বিদায়ী শিক্ষক গৰাকীৰ তিনিখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।
আজিৰ এই বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানতে শিক্ষক গৰাকীলৈ চিৰসেউজ শিক্ষক উপাধি প্ৰদান কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে।
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ৰাজখোৱাক গামোচা, শৰাই, ফুলৰ থোপা, চেলেং আদিৰে বিদায় সম্বৰ্দ্ধনা জনোৱা পৰিলক্ষিত হল।
অনুষ্ঠানত কৃতি শিক্ষক গৰাকীৰ তিনিখনকৈ গ্ৰন্থ ক্ৰমে সহযোদ্ধা, মিনিৰ সুখ দোষ আৰু পণবন্দী উন্মোচন কৰে।
লখিমপুৰ জিলা সাংবাদিক সংন্থাৰ প্ৰাক্তন সম্পাদক শৈলেন বৰুৱা, লখিমপুৰ জিলা সাংবাদিক সংন্থাৰ প্ৰাক্তন সভাপতি মজিন সোনোৱাল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিৰণ্য সভাপণ্ডিতে ।
লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীয়ে নাপায় জীৱনদায়িনী ঔষধ