নিউজ ডেস্ক: হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই কৰা হ’ব।

অসম চৰকাৰে পূৰ্বৰ দৰে এইবাৰো দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাচুল ৰেহাইৰ সিদ্ধান্ত বাহাল ৰাখিছে। সেই অনুসৰি বছৰি ২ লাখ টকাতকৈ কম আয় কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত, হাই মাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাচুল ভৰিব নালাগে।

শিক্ষা বিভাগে জানিবলৈ দিয়া মতে চৰকাৰী, প্ৰাদেশীকৃত আৰু স্বীকৃতিপ্রাপ্ত অপ্রাদেশীকৃত বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ ক্ষেত্ৰতহে এই সিদ্ধান্ত কাৰ্যকৰী হ’ব।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা অনুসৰি প্ৰতি বছৰে দৰিদ্ৰ পৰিয়ালৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত মাচুল ৰেহাই দি আহিছে। প্ৰথমাৱস্থাত আয়ৰ পৰিমাণ ১ লাখ নিৰ্ধাৰণ কৰা হৈছিল যদিও ২০১৯ চনৰ পৰা ২ লাখ টকাৰ তলৰ আয়ৰ পৰিয়ালকো সাঙুৰি লোৱা হৈছে।

অৱশ্যে ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অভিভাৱকৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ লাভ কৰিব লাগিব আৰু যদি আয় ২ লাখ টকাতকৈ কম হয় তেন্তে তেওঁলোকে পৰীক্ষাৰ মাচুল, কেন্দ্ৰ মাচুল আৰু বিদ্যালয়ৰ মাচুলৰ পৰা ৰেহাই পাব।

লগতে পঢ়ক – জলকোঁৱৰ এলভিছে পুনৰ সাঁতুৰিব ইংলিছ চেনেলত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply