গুৱাহাটী : বিভিন্ন বৰ্ডৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা হোৱাৰ পিছত শীঘ্ৰেই বিভিন্ন শিক্ষানুষ্ঠানত নতুন শিক্ষাবৰ্ৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ মাজতে ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে এইবাৰ স্নাতক পৰ্য্যায়ৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত দাসে জনোৱা মতে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে কটন বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

এইবাৰ কটন বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীত নামভৰ্তি পূৰ্বৰ বছৰ সমূহৰ দৰে উচ্চতৰ মাধ্যমিকত পোৱা নম্বৰৰ ভিত্তিত কৰা নহয় বুলি তেওঁ জানিবলৈ দিয়ে। এইবাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব, উক্ত পৰীক্ষাটোত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়েহে কটনত নামভৰ্তি কৰিব পাৰিব বুলি তেওঁ জনায়।

অৱশ্যে, উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ দশম শ্ৰেণীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি নামভৰ্তি কৰা হ’ব বুলি ধাৰণা কৰা হৈছে। আনহাতে, স্নাতকোত্তৰ মহলাৰ নামভৰ্তি প্ৰক্ৰিয়াও পৰ্যায়ক্ৰমে আৰম্ভ হ’ব।

এই সকলোবোৰ দিশ সামৰি বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই শীঘ্ৰে এক জাননী প্ৰকাশ কৰিব ইচ্ছুক শিক্ষাৰ্থীসকলে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.cottonuniversity.ac.in –ত গৈ প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব।

কটন বিশ্ববিদ্যালয়ৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়েও স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তি সন্দৰ্ভত এখন জাননী প্ৰকাশ কৰিছে। অহা ৬ আগষ্টৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইচ্ছুক শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.gauhati.ac.in-ত গৈ নামভৰ্তি প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।

লগতে পঢ়ক : ইফকোৱে প্ৰস্তুত কৰা নেন’ ইউৰিয়া অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply