গুৱাহাটী : ক’ভিডৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি শনিবাৰে গ্ৰেপ্তাৰ হ’ব লগীয়া হ’ল নগাঁও জিলা কৃষি বিষয়াৰ কাৰ্য্যলয়ৰ মহকুমা কৃষি বিষয়া প্ৰবীণ বৰুৱা।

মহকুমা কৃষি বিষয়া গৰাকীয়ে চৰকাৰে জাৰি কৰা বদলিৰ নিৰ্দেশ স্থগীত ৰখাৰ বাবে নিজৰ ক’ভিড হোৱা বুলি এখন ভুৱা প্ৰমাণ পত্ৰ জমা দিছিল। বিষয়া গৰাকীক ৰাজ্যৰ কৃষি বিভাগে মৰিগাঁও জিলালৈ বদলিৰ নিৰ্দেশ দিছিল।  

প্ৰাপ্ত তথ্য মতে, প্ৰবীণ বৰুৱাই বদলিকৰণ স্থগিত ৰখাৰ উদ্দেশ্যৰে নগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ চিন্ময় শৰ্মাৰ স্বাক্ষৰিত চিকিৎসা প্ৰমাণ পত্ৰ অভাৰ ৰাইট কৰি তাত তেওঁ ডায়েবেটিচ, হাইপাৰটেনশ্যন আৰু ক’ভিডত আক্ৰান্ত হৈ থকা বুলি উল্লেখ কৰিছিল।

লগতে পঢ়ক : প্ৰকাশ পালে নতুন SOP; ১০খন জিলাত সন্ধিয়া ৫ বজালৈ সলনি কৰা হৈছে সান্ধ্য আইন

পিছত উক্ত জাল প্ৰমাণ পত্ৰখন তেওঁ কৃষি বিভাগৰ যুটীয়া সচিবলৈ প্ৰেৰণ কৰি বদলিৰ নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছিল।

অৱশ্যে মহকুমা কৃষি বিষয়া গৰাকীৰ উক্ত কাৰ্য্য ধৰা পৰাতনগাঁও সদৰ আৰক্ষীয়ে শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply