তিনিচুকীয়া: তিনিচুকীয়াত বৌদ্ধ ভিক্ষুৰ ৰূপত থকা এজন সন্দেহজনক বাংলাদেশীক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সন্দেহজনক বাংলাদেশীৰে তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অঞ্চল ভৰি পৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে তিনিচুকীয়া নগৰত আজি ভিক্ষুৰ বেশত থকা বাংলাদেশীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

উল্লেখযোগ্য যে বহুদিনৰ পৰা ভিক্ষুজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছিল৷ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত চলায়৷ অৱশেষত তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া কলেজ তিনিআলিৰ সমীপত থকা বৌদ্ধ বিহাৰৰ পৰা ভিক্ষু ৰতনশ্ৰী ওৰফে ৰাহুল বৰুৱাক গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে ৰতনশ্ৰীৰ পৰা ত্ৰিপুৰাৰ ভুৱা পৰিচয়-পত্ৰ উদ্ধাৰ কৰিছে৷

তিনিচুকীয়া সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি/৪৬৬/৪৬৮/৪৭১ আৰু বিদেশী আইন, ১৯৪৬-ৰ ধাৰা ১৮ (বি)-ৰ অধীনত ৭৩৮/২০২২নং এটা গোচৰ ৰুজু কৰি ভিক্ষুজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক – স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দৰং আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply