মঙলদৈ: দৰঙৰ ধুলা থানাৰ অন্তৰ্গত এলেকাত বনকৰা ছোৱালী হিচাপে কাম কৰা এগৰাকী ১৩ বছৰীয়া আদিবাসী কিশোৰীৰ হত্যকাণ্ডৰ ঘটনাত জিলাখনৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে তিনি গৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়।

সোমবাৰে চি আই ডিয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়া তথা আৰক্ষীৰ তদন্ত বিপথে পৰিচালিত কৰাৰ অভিযোগত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা আৰু ডাঃ অজন্টা বৰদলৈ আৰু সেই সময়ৰ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে যোৱা জুন মাহত ধুলা আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণ কমল বৰুৱা নামৰ এজন এছ এছ বি জোৱানৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম কৰা ১৩ বছৰীয়া কিশোৰী গৰাকীৰ ৰহস্যজনক মৃত্যু হৈছিল।

অৱশ্যে পিছত এইয়া এক ধৰ্ষণ আৰু হত্যাকাণ্ড বুলি ধৰা পৰে আৰু যোৱা ছেপ্টেম্বৰ মাহত অভিযুক্ত বৰুৱাৰ বিৰুদ্ধে এখন চাৰ্জশ্বীট দাখিল কৰা হয়। বৰ্তমান এছ এছ বি জোৱানজন ন্যায়িক জিম্মাত আছে।

ইয়াৰ পূৰ্বে চি আই ডিয়ে মূল অভিযুক্ত কৃষ্ণ কমল বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবদ তেওঁৰ পৰিয়ালৰ ৫ লাখ টকাৰ উৎকোচ লোৱা সেই সময়ৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ কৰিছিল।

জানিব পৰা মতে নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক আজি আদালতত হাজিৰ কৰোৱা হ’ব।

লগতে পঢ়ক – ৮০০০ নিয়মীয়া শিক্ষকৰ পদ বিলোপ কৰিব ৰাজ্য চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply