লখিমপুৰ, পল্লৱ মিলি: গাহৰি পালকসকলৰ বাবে অশনি সংকেত কঢ়িয়াই লখিমপুৰৰ বগীনদীত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসাৰ লখিমপুৰ জিলা বিভাগে বগীনদীৰ ৰংপুৰীয়া গাঁওত ৫০ টাতকৈ অধিক গাহৰি নিধন কৰাৰ লগতে ১০ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলত কটা গাহৰি মাংস আৰু গাহৰি কিনা-বেচা নিষিদ্ধ কৰিছে।

যাৰ ফলত অঞ্চলটোত গাহৰি পালনৰ যোগেদি সংস্থাপিত বহু নিবনুৱাৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰা দেখা গৈছে।

আজি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গুৱাহাটী, লখিমপুৰ আৰু বগীনদীৰ এটি পশু চিকিৎসকৰ দলে ৰংপুৰীয়া গাঁৱৰ ৰবীন্দ্ৰ গগৈ নামৰ গাহৰি পালকজনৰ গাহৰি ফাৰ্মৰ লগতে ইয়াৰ ওচৰ পাজৰৰ কেইবাটাও গাহৰি বিদ্যুৎ শ্বকৰ জৰিয়তে নিধন কৰে।

জানিব পৰা মতে ৰবীন্দ্ৰ গগৈৰ গাহৰি ফাৰ্মত ইয়াৰ পূৰ্বেও শতাধিক গাহৰি ছোৱাইন ফিভাৰত পৰি মৃত্যুমুখত পৰিছিল।

লগতে পঢ়ক – অসম-অৰুণাচল সীমাবিবাদ; মন্ত্ৰী অতুল বৰাৰ সন্মুখতে মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চল নিজৰ বুলি দাবী অৰুণাচলৰ দল-সংগঠনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply