ছিপাঝাৰ: দৰঙৰ ছিপাঝাৰত আৰক্ষীৰ গুলীত নিহত গুৱাহাটীৰ ছাত্ৰীবাৰীত সংঘটিত ডকাইতি কাণ্ডৰ প্ৰধান অভিযুক্ত তাইজুদ্দিন আহমেদৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হয়।
উল্লখযোগ্য যে আজি পুৱতি নিশা নিজ বাসগৃহৰ সমীপত অসম আৰক্ষীৰ এনকাউন্টাৰত ছিপাঝাৰৰ সানোৱা গাঁৱৰ তাইজুদ্দিন আহেমদ নিহত হৈছিল। আৰক্ষীৰ মতে মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আহমেদ মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল।
বুধবাৰে পুৱা দিনৰ ১১-৩০ বজাত নিহত তাইজুদ্দিনৰ পিতৃ, খুৰাক আৰু ওচৰ চুবুৰীয়া আহি চিকিৎসালয়ত উপস্থিত হয়। পিতৃয়ে কোৱা মতে তেখেত নিশা ঘৰত নাছিল। ঘৰৰ পৰা কিছু নিলগত নিশা পুখুৰী সিঁচা কামত ব্যস্ত আছিল পিতৃ।
পিতৃয়ে পৰিয়ালৰ পৰা ফোন যোগে গম পায় সকলো কথা। আনহাতে পৰিয়ালৰ এজন খুৰাকৰ মতে তাইজুদ্দিন নিৰ্দোষী। হাতত পিষ্টল লবলৈ দি আৰক্ষীয়ে পৰিকল্পিতভাৱে হত্যা কৰে তাইজুদ্দিনক।
নিহত তাইজুদ্দিনৰ চুবুৰীয়াই ইয়াক আৰক্ষীৰ পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি তেওঁলোকে আইন আদালতৰ ওচৰ চাপিব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – ডাইনীকাণ্ডকলৈ সৰৱ অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়া