বোকাখাত, উত্তম কুমাৰ শৰ্মা: গোলাঘাট জিলাৰ নুমলীগড় অঞ্চলৰ চাহ বাগিছাসমূহত দিনক দিনে বৃদ্ধি পোৱা  বাঘৰ সন্ত্ৰাসত শংকিত হৈ পৰিছে স্থানীয় জনসাধাৰণৰ লগতে বাগিচাৰ শ্ৰমিকসকল। শুকুৰবাৰে পুনৰ নুমলীগড়ৰ ঢলাগুৰি চাহ বাগিচাত এটা নাহৰফুটুকীৰ আক্ৰমণত আহত হয় এজন লোক।

চাহ বাগিচাত কৰ্মৰত অৱস্থাতে বাঘে আক্ৰমণ কৰে লোকজনক। বাঘৰ আক্ৰমণত আহত লোকজনক শোকদাস গোৱালা বুলি জানিব পৰা গৈছে। ইফালে একেটা অঞ্চলতে বিগত বৰ্ষতো বাঘৰ আক্ৰমণত দুজনকৈ চাহ শ্ৰমিক আহত হৈছিল।

বাঘৰ আক্ৰমণত আহত হোৱা লোকজনক ঢলাগুৰি চাহ বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে এপষেক পূৰ্বে নুমলীগড়ৰ কাষৰীয়া চলাবিল অঞ্চলত এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল, উক্ত ঘটনাত আহত এজন লোকৰ প্ৰত্যাক্ৰমণত বাঘটো নিহত হৈছিল।

লগতে পঢ়ক –  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply