গুৱাহাটী : সংকটৰ গৰাহত পৰা ৰাজ্যৰ চাহ উদ্যোগটোৱে সম্প্ৰতি অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হ’বলগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। চাহৰ মূল্য ইয়াৰ উৎপাদন ব্যয়ৰ তুলনাত যথেষ্ট হ্ৰাস পোৱাৰ ফলতেই এই সমস্যাৰ সৃষ্টি হৈছে। নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে ইষ্টম’জ’ অসমক জনোৱা মতে চাহৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪৪.১৯ টকালৈ হ্ৰাস পাইছে যি হাৰ বিগত বৰ্ষৰ তুলনাত প্ৰায় ১৮ শতাংশ কম।

উল্লেখযোগ্য যে দেশৰ মুঠ চাহৰ ৫২ শতাংশ চাহ অসমে উৎপাদন কৰে। ৰাজ্যৰ প্ৰায় ১০ লাখ পৰিয়ালে চাহপাতৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। কিন্তু বৰ্তমান সৃষ্টি হোৱা অসমৰ চাহৰ মন্দাৱস্থাৰ ফলত এই পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

চাহৰ মূল্য নিম্নগামী হোৱাৰ বিপৰীতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু অন্যান্য আনুষংগিক কাৰণত চাহৰ উৎপাদন ব্যয় বৃদ্ধি পাব ধৰিছে। সম্প্ৰতি চাহ শ্ৰমিকৰ দৈনিক মজুৰি পূৰ্বৰ ১৬৭ টকাৰ পৰা ২০৫ টকালৈ বৃদ্ধি কৰাৰ ফলত প্ৰতি কিলো চাহৰ মুঠ উৎপাদন ব্যয় ৩২ টকা পৰ্যন্ত বৃদ্ধি পাইছে বৰকাকতিয়ে জানিবলৈ দিয়ে।

সমান্তৰালভাৱে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ, ডিজেল, প্ৰাকৃতিক গেছ, কয়লা আৰু পৰিবহণ ব্যয় বৃদ্ধি পোৱাত প্ৰতি কিলোত মে’ড টি অৰ্থাৎ চাহৰ উৎপাদন ব্যয় ৭ টকাকৈ বাঢ়িল। এই সকলোবোৰ দিশৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ চাহ উদ্যোগত ব্যাপক ৰূপত নেতিবাচক প্ৰভাৱ পৰিব বুলি স্পষ্টভাবে জনাই  সংগঠনটোৰ উপদেষ্টাগৰাকীয়ে।

নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ অধ্যক্ষ সুনীল জালানে ইষ্টম’জ’ক জনোৱা মতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত CTC চাহৰ দৰ প্ৰতি কিল’গ্ৰামত বিগত বৰ্ষৰ তুলনাত ৪৪.১৯ টকালৈ অৱনমিত হৈছে।

বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চি টি চি পদ্ধতিৰে তৈয়াৰী চাহৰ গড় হিচাপে নিলাম মূল্য আছিল ২৫২.২১ টকা, ইয়াৰ বিপৰীতে এইবাৰ এই মূল্য ২০৮.০২ টকালৈ হ্ৰাস পোৱা বুলি জালানে কয়।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত বিক্ৰী নোহোৱাকৈ থকা মে’ড টিৰ পৰিমাণ প্ৰায় দুগুণ বেছি বুলি উল্লেখ কৰি জালানে কয়, ‘বিগত বৰ্ষত এপ্ৰিলৰ পৰা জুলাই মাহলৈকে বিক্ৰী নোহোৱা চাহৰ পৰিমাণ আছিল ১৬.৩৭ শতাংশ আৰু চলিত বৰ্ষত ইয়াৰ পৰিমাণ ৩৫.১৬ শতাংশ অৰ্থাৎ প্ৰায় দুগুণ।’  

চাহৰ মূল্য হ্ৰাস পোৱাৰ সমান্তৰালভাৱে ৰাজ্যত চাহৰ উৎপাদনো হ্ৰাস পোৱা বুলি জালানে সদৰী কৰে। ২০১৯ চনৰ তুলনাত চলিত বৰ্ষত ৰাজ্যত চাহৰ উৎপাদন ১৯ শতাংশ হ্ৰাস পাইছে। ২০১৯ বৰ্ষত জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে অসমত মুঠ ২২০.১১ মিলিয়ন কিল’গ্ৰাম চাহ উৎপাদন হোৱাৰ বিপৰীতে চলিত বৰ্ষত ইয়াৰ পৰিমাণ ১৭৯.৩২ মিলিয়ন কিল’গ্ৰাম।

২০২০ বৰ্ষত ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা দীৰ্ঘদিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত চাহৰ উৎপাদনৰ তুলনা কৰা হোৱা নাই।

অসম চৰকাৰে চাহ উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থত অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনি, কেঁচা পাতৰ ওপৰত থকা ৰাজ্য চৰকাৰৰ উপ কৰ বাতিলৰ সিদ্ধান্ত আদি গ্ৰহণ কৰিছে যদিও উৎপাদিত চাহৰ বজাৰ মূল্য বৃদ্ধি নাপালে ক্ষুদ্ৰ চাহ খেতিয়ক তথা চাহ উদ্যোগৰ সৈতে জড়িত সকলোৱেই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে কয়। 

লগতে পঢ়ক : নিজ মাতৃক কাৰাটে বেল্টেৰে ডিঙি চেপি হত্যা ১৫ বছৰীয়া কন্যাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply