কমাৰগাঁও, চন্দন বৰা: অহা ২০ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ খুমটাই চাহ বাগিছাৰ পৰা প্ৰকাশিত চাহ জনগোষ্ঠীৰ একমাত্ৰ সংবাদপত্ৰ ‘জননী বাৰ্তা’ৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হ’ব।

‘জননী বাৰ্তা’ৰ সহকাৰী সম্পাদক সোনেশ্বৰ বাঢ়ৈয়ে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে কাকতখনৰ প্ৰতিষ্ঠা দিৱস লৈ বিভিন্নজনৰ লগতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে।

জননী বাৰ্তা গোষ্ঠীলৈ জনোৱা এক শুভেচ্ছা বাৰ্তাত মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘সংবাদ পত্ৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ। সংবাদ পত্ৰৰ জৰিয়তে বৃহত্তৰ সমাজখনৰ বিভিন্ন সমস্যা সঠিক আলোক পাত কৰা হয় আৰু সমস্যা সমূহ নিৰাময়ৰ দিশতো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰা হয়। সংবাদ মাধ্যমক সমাজ আৰু চৰকাৰৰ এক অন্যতম সেতু বন্ধন বুলি অভিহিত কৰিব পাৰি। বৰ্ণিল সাংস্কৃতিক তথা কৰ্মসংস্কৃতিৰে মহীয়ান চাহ জনগোষ্ঠী হ’ল ৰাজ্যখনৰ এক অন্যতম জনগোষ্ঠী। এই জনগোষ্ঠীৰ মাজত সজাগতা, বৌদ্ধিক জাগৰণ ইত্যাদি সূচনা কৰা দিশত জননী বাৰ্তা ইয়াৰ প্ৰতিস্থা কালৰে পৰা বিশেষ অৰিহণা যোগাই থকাতো আশাপ্ৰদ দিশ।’

সংবাদ পত্ৰখনে ভৱিষ্যতৰ দিন সমূহতো সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন ডাঙি ধৰি চাহ জনগোষ্ঠীৰ সৰ্বাঙ্গীন কল্যাণৰ দিশত অৰিহণা যোগাই যাব বুলি আশা কৰা লগতে ‘জননী বাৰ্তা’ৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী সফল হোৱা কামনা কৰে মুখ্য মন্ত্ৰীয়ে।

মুখ্য মন্ত্ৰীৰ ওপৰি বিভিন্নজনে সংবাদ পত্ৰখনৰ দীৰ্ঘায়ু আৰু প্ৰতিস্থা দিৱসৰ সফলতা কামনা কৰে।

লগতে পঢ়ক – মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ কৰিবলৈ ভয় দিছপুৰ আৰক্ষীৰ: কংগ্ৰেছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply