লখিমপুৰ, পল্লৱ মিলি: আজি শিক্ষক দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হৈছে শিক্ষকৰ আত্মহত্যাৰ ঘটনা। শিক্ষা মন্ত্ৰীৰ সমষ্টি ধেমাজিৰ বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ ৫০৩ আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াৰ আত্মহত্যা।

আজি পুৱাই শিক্ষকজনৰ মৃতদেহ বাঁহগছত ওলমি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে। দীৰ্ঘদিন বিনাবেতনেৰে শিক্ষাদান কৰা শিক্ষক গৰাকীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে বিদ্যালয়খনত বিগত প্ৰায় ১৫ বছৰ ধৰি অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল। পিছত ২০১৩ চনৰ শিক্ষা বিভাগৰ চামিলকৰণ নীতি অনুসৰি ৫০৩ আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগত চামিল হয়।

কিন্তু পৰিতাপৰ কথা যে তেখেতৰ পদটো প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত নোসোমোৱাত মানসিকভাৱে ভাগি পৰে শিক্ষকজন। ইয়াৰ পিছতে তেওঁ এই চৰম পন্থা বাচি লয় বুলি পৰিয়ালৰ লোকে দাবী কৰে।

ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাজেন বনিয়াৰ মৃতদেহটো মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক – মঙলদৈত নকল টকা বনোৱা মেচিন সহ আটক ৬জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply