কলগাছিয়া : বৰপেটা জিলাৰ কলগাছিয়াত ‘লাভ জেহাদ’ৰ অভিযোগ। এইবাৰ হিন্দুৰ প্ৰতাৰণাৰ বলি হৈছে এগৰাকী মুছলমান কিশোৰী।
ঘটনাৰ বিবৰণি মতে, ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত কাশী নাথ বিশ্বাসৰ পুত্ৰ ভোলা চন্দ্ৰ বিশ্বাসে (৩৫) কৰ্মসূত্ৰে কলগাছিয়াৰ সোণাবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল।
ভোলা চন্দ্ৰ বিশ্বাসে কলগাছিয়াৰ এগৰাকী ১৪ বছৰীয়া নাবালিকা মুছলমান কিশোৰীক পলুৱাই নি বিয়া কৰোৱা ঘটনা পোহৰলৈ অহাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। শিক্ষক ভোলা চন্দ্ৰ বিশ্বাসৰ পূৰ্বৰ এগৰাকী পত্নী আৰু এটি সন্তানো আছে।
আনহাতে, নাবালিকা কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে ভাড়াঘৰৰ পৰা শিক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰে।
টেট শিক্ষক গৰাকীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬(এ) অধীনত ৬৬৪/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছে। শিক্ষক গৰাকীৰ কাৰ্য্যত বিভিন্ন দল-সংগঠনে ধিক্কাৰ দিছে।
লগতে পঢ়ক : পুনৰ গুৱাহাটীৰ ফেৰীত অঘটন