গুৱাহাটী : অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব নলবাৰী জিলাত।
চলিত মাহৰ ২১, ২২ আৰু ২৩ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে নলবাৰীত অনুষ্ঠিত হ’ব অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন।
সন্থাৰ সভাপতি ভুৱনেশ্বৰ নাথে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি এই সম্পৰ্কে জানিবলৈ দিয়ে।
নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত এই অধিৱেশনখন অনুষ্ঠিত কৰা হ’ব।
অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
এইবেলি অধিৱেশনখনত দুটাকৈ বিশেষ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অৱনী কুমাৰ ভাগৱতীলৈ আনন্দৰাম বৰুৱা বিদ্যায়তনিক ৰাজ্যিক বঁটা আৰু ভাষা-সাহিত্যৰ সাধক বিশিষ্ট নাট্যকাৰ শিক্ষাব্রৰ্তী ধ্ৰুৱজ্যোতি শৰ্মালৈ ড০ বাণীকান্ত কাকতি ৰাজ্যিক বঁটা আগবঢ়োৱা হ’ব।
লগতে শিক্ষক প্ৰশিক্ষণৰে মানৱ সম্পদ নিৰ্মাণ কৰা ড০ মৌচুমী বৰদলৈক শিক্ষাজ্যোতি বিশেষ সন্মান প্ৰদান কৰা হ’ব।
লগতে পঢ়ক – মহানগৰীৰ গীতানগৰত ভয়ংকৰ অগ্নিকাণ্ড