নিউজ ডেস্ক : শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমপ দুগৰাকী শিক্ষকলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষকৰ ৰাষ্ট্ৰীয় সন্মান। সন্মান লাভ কৰা শিক্ষক দুগৰাকী হৈছে যোৰহাটৰ টীয়কৰ কংকন কিশোৰ দত্ত আৰু বাক্সা জিলাৰ বিনন্দ স্বৰ্গীয়াৰী।

যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছে ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষক বঁটা৷ 

কংকন কিশোৰ দত্তই ইয়াৰ পূৰ্বে, ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰণালয়ৰ দ্বাৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষক সমাৰোহত শ্ৰেষ্ঠ গৱেষণা পত্ৰ পুৰস্কাৰ লাভ কৰাৰ লগতে ২০১৯ চনত ইউনেস্কোৰ দ্বাৰা আয়োজিত Dell policy Hack কাৰ্যসূচীত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিছিল।

ইয়াৰ উপৰি তেওঁ ২০১৯ চনত অসম চৰকাৰৰ দ্বাৰা দীক্ষা অসমলৈ যোগোৱা বৰঙনিৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা, ২০২০ চনত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু গৱেষণা পৰিষদে আয়োজন কৰা সৰ্বভাৰতীয় শিশু দৃশ্য শ্ৰাব্য সমাৰোহত শ্ৰেষ্ঠ শ্ৰাব্য বঁটা আৰু আন বিভিন্ন বঁটা লাভ কৰিছে।

২০২১ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় সংস্থা নাছাৰ অধীনত আই. এ. এচ. চি নামৰ প্ৰকল্পত অংশগ্ৰহণ কৰি ৩ তাকৈ উল্কাপিণ্ডৰ প্ৰাথমিক উপস্থিতি নিৰূপনেৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নাছাৰ ৱেবচাইটত নিজৰ নাম অন্তৰ্ভূক্তি কৰিবলৈ সক্ষম হয়।

তেওঁৰ উপৰি অসমৰ বাক্সা জিলাৰ বিনন্দ স্বৰ্গীয়াৰীৰেও লাভ কৰিছে শ্ৰেষ্ঠ শিক্ষকৰ সন্মান।

বিনন্দ স্বৰ্গীয়াৰী বাক্সা জিলাৰ তামুলপুৰ কে.বি দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক।

সৰ্বভাৰতীয় পৰ্যায়ত মুঠ  ৪৪ জন শিক্ষকলৈ আগবঢ়োৱা এই সন্মান।

ইতিমধ্যে ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগুই দুই শিক্ষকক অভিনন্দন আৰু শুভেচ্ছা জনাইছে।

লগতে পঢ়ক : যােৰহাট কেন্দ্রীয় কাৰাগাৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰিব ৰাজ্য চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply