কলিয়াবৰঃ বিগত বছৰৰ দৰেই এইবাৰো অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰিছে শীতকালীন দুঃসাহসিক অভিযানৰ। লাডাখত হ’ব লগা ট্ৰেকিং, চাইক্লিং আৰু ইউ টি কাংৰী শিখৰ (৬০৭০ মিটাৰ) অভিযানৰ বাবে নিৰ্বাচিত মুঠ ২২ জন অভিযাত্ৰীৰে গঠন হোৱা দলটোৰ ট্ৰেকিং অভিযানৰ সদস্যসকলে সোমবাৰে সম্পূৰ্ণ কৰিছে এই দুঃসাহসিক অভিযান।

বিশ্বৰ সৰ্বোচ্চ মটৰ বাইক পাছ খাৰ্দোংলাত বৰ্তমান দলটোৰ চাইকেল আৰোহী সদস্য সকলে তেঁওলোকৰ লক্ষ্যত উপনীত হৈছে। উল্লেখ্য যে, দুটা দলত ভাগ হৈ অভিযান চলাইছে ২২ জনীয়া অভিযাত্ৰীৰ দলটোৱে।

মানস বৰুৱাৰ নেতৃত্বত মাউন্ট ইউ টি কাংৰী (৬০৭০ মিটাৰ) অভিযানত অংশগ্ৰহণ কৰিবলৈ যোৱা সদস্য সকল হ’ল- উপেন চক্ৰৱৰ্তী, ডা° জগদ্বীশ বসুমতাৰী,কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, ধ্ৰুৱজ্যোতি হাজৰীকা আৰু মনোজ কুমাৰ পাটোৱাৰী। শূন্য ডিগ্ৰীৰ তলৰ তাপমানত উক্ত শিখৰত অভিযানৰ বাবে যোৱা এইটোৱেই হৈছে অসমৰ প্ৰথমটো পৰ্বতাৰোহী দল।

আনহাতে, শেখৰ বৰদলৈৰ নেতৃত্বত যোৱা চাইক্লিং অভিযানটোৰ আন সদস্যসকল ক্ৰমে- চন্দোৎপল গগৈ, দৃষ্টি কাশ্যপ বৰদলৈ, নিৰজ বৰা আৰু কৃশানু বৰা। সৰ্বনিম্ন প্ৰায় -২০ৰ পৰা -২৫ ডিগ্ৰী তাপমানত জনপ্ৰিয় খাৰ্দোংলা পাছৰ পৰা নোব্ৰা ভেলীলৈ চাইকেল চলাবলৈ আৰম্ভ কৰা দলটোৱে সাগৰ পৃষ্ঠৰ পৰা ১১০০০ পৰা ১৯০০০ ফুট উচ্চতা পৰ্যন্ত পেডেল মাৰিব। ইতিমধ্যে বিশ্বৰ সৰ্বোচ্চ মটৰ বাইক পাছ খাৰ্দোংলাত দলটোৱে আৰম্ভ কৰিছে চাইকেল ৰেলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply