সোণাৰি: সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত আজি এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি বাগিচাখনত উত্তেজনাই বিৰাজ কৰি আছে।

জানিব পৰা মতে দেওবাৰে সন্ধিয়াৰ পৰা বাগিচাখনৰ সুন্দৰো প্ৰজা নামৰ এগৰাকী শ্ৰমিক নিৰুদ্দিষ্ট হৈ আছিল। শ্ৰমিকজনক বিচাৰ-খোচাৰ কৰাত আজি বাগিচাখনৰ নলাত পানীত উপঙি থকা অৱস্থাত তেওঁৰ উদ্ধাৰ হয়।

ইয়াৰ পিছতেই বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকসকল ক্ষোভিত হৈ পৰে। তেওঁলোকে অভিযোগ কৰে যে বাগিচাৰ সীমাত থকা ৰাস্তা বন্ধ কৰি সেই স্থানত নলা খন্দাৰ ফলতেই তাত পৰি শ্ৰমিকজনে মৃত্যুক সাবটিব লগীয়া হয়।

প্ৰাপ্ত তথ্য অনুসৰি ৰতনপুৰ চাহ বাগিচা কৰ্তৃপক্ষই ভজোৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সমীপত চাহ বাগিচাখনৰ সীমাত কিছুদিন পূৰ্বে পানী ওলাই যোৱাৰ সুবিধা হোৱাকৈ এটা বৃহৎ নলা খান্দি ৰাখিছিল।

শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে নলাটোৰ ওপৰেদি পাৰ হ’ব পৰাকৈ কোনোধৰণৰ দলং অথবা কালভাৰ্টৰ ব্যৱস্থা কৰা নাই বুলি অভিযোগ কৰে।

লগতে পঢ়ক – অসমৰ ১৫টা হাতী মধ্যপ্ৰদেশক হস্তান্তৰ কৰিব অসম চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply