চৰাইদেউ : ছাত্ৰক প্ৰহাৰক লৈ চৰাইদেউ জিলাৰ সোণাৰি সাপেখাতীৰ কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰৰ পৰিয়ালৰ লোকে উক্ত অভিযোগ আনিছে।
প্ৰাপ্ত তথ্য মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জনা গগৈয়ে দ্বিতীয় শ্ৰেণীৰ এগৰাকী অসুস্থ ছাত্ৰক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ছাত্ৰ গৰাকীয়ে বিদ্যালয়ত পোছাক বিনামূলীয়াকৈ প্ৰদান কৰাৰ খবৰ লাভ কৰি বিদ্যালয়ত উপস্থিত হোৱাৰ সময়তেই সংঘটিত হয় এই ঘটনা।
ছাত্ৰ গৰাকীয়ে এই কথা অভিভাৱকক জনোৱাত বিদ্যালয়ত আহি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি।
লগতে পঢ়ক :