টীয়ক, স্মৃতি প্ৰিয়া লাহন: অসমবাসীৰ লগতে টীয়কবাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী কণমানিয়ে।
টীয়ক নগৰৰ মাজমজিয়াৰ ৮ বছৰীয়া চাহিন আহমেদে ৰাষ্ট্ৰীয় টেলিভিছন চেনেল কালাৰ্চ (Colours)ৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডাঞ্চ দিৱানে জুনিয়ৰচত (Dance Deewane juniors) অংশগ্ৰহণ কৰি ইতিমধ্যে শীৰ্ষ ১৫ নম্বৰ স্থানত উপনীত হৈছে।
চাহিনে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা টীয়কৰ নাম জিলিকাই তুলিব পাৰে তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছে চাহিনৰ পৰিয়ালে।
ইতিমধ্যে চাহিনৰ মাতৃ পাপৰি আহমেদে মায়ানগৰী মুম্বাইত চাহিনৰ আখৰাত সংগ দি আছে আৰু চাহিনে সুদূৰ মুম্বাইৰ পৰা সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছে।
ইপিনে চাহিনৰ পিতৃ প্ৰিঞ্চ আহমেদ আৰু ভাতৃ টীয়কৰ গৃহত থাকি কণমানিজনীৰ সফলতা কামনা কৰি অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে।
লগতে পঢ়ক – মৰিয়নী পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰিলে ই-ৰিক্সা চালকে