কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ ঢেকিয়াল আৰক্ষী চকীৰ অন্তৰ্গত ২নং শেনছোৱা ৰাজহুৱা নামঘৰত দেওবাৰে নিশা এক চুৰিকাণ্ড ঘটনা সংঘটিত হয় ।

বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলিৰ কাষত থকা ২নং শেনছোৱাৰ ৰাজহুৱা নামঘৰত নিশা চোৰে নামঘৰৰ খিৰিকীৰ ৰড কাটি দানপাত্ৰৰ ধন নিয়াৰ উপৰিও নামঘৰৰ মূল সিংহাসন লণ্ড ভণ্ড কৰাৰ লগতে মূল্যবান সা-সামগ্ৰী লৈ যায়।

পুৱা স্থানীয় লোকে নামঘৰৰ খিৰিকী খোলা দেখি চুৰিকাণ্ড সংঘটিত হোৱা কথা জানিব পাৰি আৰক্ষীক খবৰ দিয়ে। চিন্তনীয় বিষয় যে কমাৰগাঁও, বৃহত্তৰ খুমটাই অঞ্চলৰ লগতে চিনাতলি অঞ্চলতে চোৰে দহটাতকৈ অধিক নামঘৰ মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত আছে গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন।

ইফালে বৃহত্তৰ অঞ্চলটোত গাঁওৰক্ষী বাহিনী সমূহে নিশা পহৰাৰ ব্যৱস্থা কৰিছে যদিও একাংশ গাঁওৰক্ষী বাহিনীৰ ভূমিকাত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ।

লগতে পঢ়ক – ঘৰুৱা হিংসাৰ বলি হোৱা ৰঙিয়াৰ ৰুনজুন বেগম আজি বহু মহিলাৰ পথ-প্ৰদৰ্শক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply