গুৱাহাটী: শোণিতপুৰ জিলাৰ ঠেলামৰাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক আটক। গুৱাহাটীৰ কাহিলীপাৰাত চক্ৰ বিষয়া গৰাকীক আটক কৰা হয়।
দুৰ্নীতি আৰু তদাৰক শাখাই তেওঁক আটক কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ঠেলামৰাৰ লাট মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰঠাকুৰক আটক কৰা হয়। যোৱা ২৮ ছেপ্টেম্বৰত মাটিৰ দালালৰ নাম কৰ্তনৰ বাবে ধন বিচাৰি দুৰ্নীতি নিবাৰক শাখাৰ হাতত গুলজাৰ হুছেইন গ্ৰেপ্তাৰ হৈছিল।
আৰক্ষীৰ জেৰাত গুলজাৰ হুচেইনে বৰঠাকুৰৰ বাবেই ৫০ হাজাৰ টকা ঘোচ লোৱাৰ বুলি স্বীকাৰোক্তি দিছিল।
প্ৰেছ লিখা ষ্টীকাৰ মৰা AS01EE0877 নম্বৰৰ গাড়ীখনেৰে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে দুৰ্নীতি আৰু তদাৰক শাখাই বৰঠাকুৰক আটক কৰে।
বৰঠাকুৰৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধী আইনৰ ৭(ক) ধাৰাত গোচৰ ৰুজু কৰিছে | ভিজিলেন্সে গোচৰ নং ৯/২১ পঞ্জীয়ন কৰিছে |
অসামৰিক সেৱা পৰীক্ষা ২০১৮ বেটচত শীৰ্ষস্থান দখল কৰি ভূমি আৰু ৰাজহ সেৱা বিষয়া হৈছিল বৰেণ্য ৰঞ্জন বৰঠাকুৰ।
বৰঠাকুৰৰ পিতৃ প্ৰাক্তণ আই এ এছ বিষয়া গৰাকীও সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ গোচৰত কাৰাগাৰলৈ গৈছিল |
লগতে পঢ়ক : নিয়োগ বাৰ্তা : অসম লোকসেৱা আয়োগত ৪৫ টা পদত নিযুক্তি