বোকাখাত, উত্তম কুমাৰ শৰ্মা: শনিবাৰে সন্ধিয়া বোকাখাতৰ গড়মুৰৰ ৰাজীৱ বৰুৱা নামৰ লোকজনৰ ঘৰৰ পৰা চোৰে গডৰেজ ভাঙি লুটি নিলে নগদ প্ৰায় ৬০ হাজাৰ টকাৰ লগতে প্ৰায় ২.৫০ লক্ষাধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰ।

জানিব পৰা মতে বোকাখাত গড়মূৰ নিৱাসী তথা ইষ্টাৰ্ন কাৰ্বি আংলং কলেজৰ প্ৰৱক্তা ৰাজীৱ বৰুৱা আৰু তেওঁৰ পত্নী উক্ত দিনা কৰ্মসূত্ৰে ঘৰত নথকাৰ সুযোগ লৈ চোৰে খিৰিকীৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটপাত চলায়।

ইফালে সন্ধিয়া ঘৰলৈ উভটি আহি চোৰে লুটপাত চলোৱাৰ কথা জানিব পাৰি পৰিয়ালটোৱে আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে চোৰৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে যোৱা দিন কেইটাত অঞ্চলটোৰ কেইবাটাও স্থানত সংঘটিত হৈছে চুৰিকাৰ্যৰ ঘটনা।শেহতীয়াকৈ নগৰখনৰ পৰা মাত্ৰ কেইফাৰ্লং মান আঁতৰত ফুট গধুলিতে চোৰে এনেদৰে লুটপাত চলোৱা ঘটনাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

লগতে পঢ়ক – ৯৪ সংখ্যক অস্কাৰ: একাডেমী এৱাৰ্ড ঘোষণা,শ্ৰেষ্ঠ ছবি ক’ডা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply