গুৱাহাটী : শ্ৰমৰ নাথাকে কোনো সৰু ডাঙৰ। নলবাৰীৰ এজন উচ্চ শিক্ষিত যুৱকৰ কৰ্মই এই কথাষাৰ প্ৰমাণ কৰাৰ লগতে বহু নিবনুৱা যুৱক-যুৱতীক কৰ্মৰ প্ৰতি অনুপ্ৰেৰণা যোগাব পাৰে।

যিসময়ত এটা চাকৰিৰ আশাত বহু যুৱক যুৱতীয়ে আৱেদন, পৰীক্ষা আদিৰ নামত বছৰৰ পিছত বছৰ পাৰ কৰি আহিছে, নলবাৰীৰ যুৱ ব্যৱসায়ী সোনমনি হালৈয়ে চাকৰি বিচাৰি সময় নষ্ট নকৰি পদপথৰ ব্যৱসায়ৰ জৰিয়তে সফলতাৰ বাট বুলিবলৈ সক্ষম হৈছে।

ৰাজনীতি বিজ্ঞানৰ স্নাতক সোনমনি হালৈয়ে নলবাৰী মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণী লাভ কৰি উত্তীৰ্ণ হৈছিল। কিন্তু চাকৰিৰ পৰিৱৰ্তে যোৱা ৫ বছৰে এই উদ্যোমী যুৱকজনে গুৱাহাটী পদ-পথত শাক পাচলিৰ দোকান দি স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে।

মহানগৰৰ বেলতলাত আছে হালৈৰ শাক পাচলিৰ দোকান।

‘নলবাৰী কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত প্ৰথম শ্ৰেণী লৈ উত্তীৰ্ণ হৈছিলো। তাৰ পিছত চাকৰি বিচাৰি কিমান যে আৱেদনৰ নামত পইচা খেদালো হিচাপ নাই। এতিয়া লাজ নকৰো। বি এ পাছ কৰি গুৱাহাটী মহানগৰৰ বেলতলাত শাক পাচলি দোকান দিছো,’ হালৈয়ে কয়।

বৰ্তমান তিনিখনকৈ শাক পাচলিৰ দোকানৰ গৰাকী যুৱকজনে তেওঁৰ দোকানত পাচলি কিনিবলৈ অহা গ্ৰাহকৰ পৰা ভাল সঁহাৰি পোৱা বুলি উল্লেখ কৰি কয়, ‘দোকানত পাচলি কিনিব অহা বহুত মানুহে মোক প্ৰেৰণা দিয়ে। অসমীয়া লৰা দোকান দিছা ভাল লাগিছে। ফুট-পাথত দোকান দি মই আজি তিনিখন দোকান কৰিলো। সেইবাবে বন্ধু বোৰক কৈছো লাজ নকৰি কাম কৰি যোৱা। সফলতা এদিন হ’বই । চাকৰি পিছত দৌৰি সময় নষ্ট কৰি লাভ নাই।’


মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াইয়ো শিক্ষিত যুৱকজনক উৎসাহ যোগাই আহিছে। ‘ মোৰ দোকানলৈ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মাহত তিনি বাৰ মান আহে। মোক প্ৰেৰণা দিয়ে,’ তেওঁ কয়।

সকলো অসমীয়া যুৱ যুৱতীক লাজ নকৰি নিজৰ কৰ্ম কৰি যাবলৈ আহ্বান জনাই তেওঁ লগতে কয়, ‘চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰিব। ফুট-পাথত দোকান দি মাহত আৰাম চে ৩০ হাজাৰ টকা ইনকাম কৰিব পাৰিব। আহক আমি সকলো অসমীয়া ডেকা কৰ্মমুখি হওঁ।’

‘মই পুৱা ৫ বজাৰ পৰা ৰাতি ১২ বজালৈ ব্যৱসায়ত মন দিওঁ। আজি মই মাহত বহুত ভাল ইনকাম এটা কৰি আছো, যিটো চৰকাৰী চাকৰি এটাৰ‌ দৰমহাৰ সমান,’ হালৈয়ে কয়।

লগতে পঢ়ক : আমেৰিকাক চেৰ পেলাই বিশ্বৰ আটাইতকৈ ধনী দেশত পৰিণত ‘সাম্যবাদী’ চীন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply