গোৰেশ্বৰ : নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যত এতিয়া একাংশ যুৱক-যুৱতী দুচিন্তাত ভুগি থকাৰ বিপৰীতে গোৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ গ্ৰাম্য জিলাৰ গাছবাৰীৰ জটিয়াভাংৰা গাঁৱৰ এগৰাকী শিক্ষিত যুৱক এতিয়া ব্যস্ত হৈ পৰিছে আলু খেতিত।

চৰকাৰী চাকৰিলৈ আশা কৰি সময় খৰচ কৰাৰ বিপৰীতে গাছবাৰী জটিয়া ভাংৰাৰ মুন্নাফ আলীয়ে কোনো ধৰণৰ চৰকাৰী সহায় সহযোগিতা অবিহনে নিজা প্ৰচেষ্টাত আলু খেতি কৰি স্বাবলম্বী হোৱাৰ সপোন ৰচিছে।

এইদৰে কামৰূপ গ্ৰাম্য জিলাৰ কেইবা বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে পথাৰত হাল নোবোৱাকৈ আলু খেতি কৰি স্বাবলম্বী হোৱাৰ সপোন ৰচিছে মূন্নাফে।

দৰং জিলাত প্ৰশিক্ষণ লৈ আহি মুন্নাফে এতিয়া কামৰূপ গ্ৰাম্যৰ বিভিন্ন ঠাইত নামি পৰিছে আলু খেতিত। গাছবাৰী, জয়কুচি, পূৱ লোক্ৰা,জটিয়া ভাংৰা আদি কেইবা ঠাইতো উন্নত মানৰ আলু পঠাৰত হাল নমৰাকৈ কৰি অধিক লাভাৱন্বিত হ’ব পাৰিম বুলি আশা প্ৰকাশ কৰিছে মুন্নাফে।

লগতে পঢ়ক : নলবাৰীত এখন বাহনৰ পৰা জব্দ ৯ টা গৰু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply